ডিজিটেল ডেস্কঃ অৰণ্যৰ মাজে মাজে ঘূৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ঘন জংঘলৰ মাজত কেতিয়াবা যদি হাতত চুৰী আৰু জোং লৈ চিকাৰৰ বাবে সাজু হৈছে, আন কেতিয়াবা আকৌ নৈৰ বুকৰে চলিছে যাত্ৰা। মুঠতে অৰণ্যৰ মাজত জীয়াই থাকিবলৈ সকলো ধৰণেৰে চেষ্টা কৰি গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
ডিস্ক'ভাৰী চেনেলৰ এক জনপ্ৰিয় অনুষ্ঠান 'মেন ভাৰ্ছেছ ৱাইল্ড'ত এইবাৰ ঘন অৰণ্যৰ মাজত বেয়াৰ গ্ৰীলছৰ সৈতে দেখা যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। ইতিমধ্যে এই অনুষ্ঠানটোৰ ট্ৰেইলাৰ নিজৰ টুইটাৰ একাউন্টযোগে প্ৰকাশ কৰিছে বেয়াৰ গ্ৰীলছে। ভাৰতৰ আটাইতকৈ প্ৰাচীন ৰাষ্ট্ৰীয় উদ্যান 'কৰবেট নেশ্যনেল পাৰ্ক'ৰ ভিতৰত দৃশ্যগ্ৰহণ কৰা প্ৰধানমন্ত্ৰীৰ সৈতে মেন ভাৰ্ছেছ ৱাইল্ডৰ এই সংখ্যা প্ৰকাশ পাব ১২ আগষ্টৰ নিশা ৯ বজাত। তামিল, তেলেগু, ইংৰাজী, হিন্দী আৰু বঙালী ভাষাত সম্প্ৰচাৰ হ'বলগীয়া এই সংখ্যা বিশ্বৰ ১৮০ খন দেশত ডিস্ক'ভাৰী চেনেলযোগে দেখা পোৱা যাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে বেয়াৰ গ্ৰীলছে কৰা এই অনুষ্ঠানটোত বন্যবীজ সংৰক্ষণ আৰু পৰিৱেশ পৰিৱৰ্তনৰ বিষয়ে দৃষ্টিগোচৰ কৰা হৈছে।
People across 180 countries will get to see the unknown side of PM @narendramodi as he ventures into Indian wilderness to create awareness about animal conservation & environmental change. Catch Man Vs Wild with PM Modi @DiscoveryIN on August 12 @ 9 pm. #PMModionDiscovery pic.twitter.com/MW2E6aMleE
— Bear Grylls (@BearGrylls) July 29, 2019
ইফালে বেয়াৰ গ্ৰীলছে এই সংখ্যাৰ ট্ৰেইলাৰ টুইটাৰত প্ৰকাশ কৰি লিখিছে- 'প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ভাৰতৰ জংঘললৈ এক ৰোমাঞ্চকৰ যাত্ৰাৰ বাবে লৈ যোৱাৰ সুৱৰ্ণ সুযোগ পাই মই সুখী হৈছো আৰু বিশ্বৰ এগৰাকী শ্ৰেষ্ঠ নেতাৰ সৈতে সময় অতিবাহিত কৰি মই গৌৰৱবোধ কৰিছো। অৰণ্যই আমাক জীয়াই থাকিবলৈ শিকায়। প্ৰধানমন্ত্ৰী মোডীক ওচৰত পাই তেওঁক জনাৰ সুযোগ লাভ কৰিছো।'
প্ৰধানমন্ত্ৰী মোডীয়েও তেওঁৰ অনন্য অভিজ্ঞতাৰ বিষয়ে প্ৰকাশ কৰে এনেদৰে- 'বহু বছৰ মই প্ৰকৃতি, পৰ্বত আৰু অৰণ্যৰ মাজত পাৰ কৰিছো… পুনৰ এবাৰ অৰণ্যৰ মাজত সময় অতিবাহিত কৰাৰ সুযোগ লাভ কৰি ভাল লাগিল। এইবাৰ মই বেয়াৰৰ সৈতে অৰণ্য ভ্ৰমণ কৰিছো, তেওঁৰ মনোবল অতুলনীয়।'
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পূৰ্বে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওমাবা, ৰোজাৰ ফেডাৰৰ, জুলিয়া ৰবাৰ্টছৰ দৰে কেইবাগৰাকীও প্ৰসিদ্ধ ব্যক্তিক অৰণ্য ভ্ৰমণৰ নি মেন ভাৰ্ছেছ ৱাইল্ড শ্ব' কৰিছে বেয়াৰ গ্ৰীলছে।