Advertisment

মোডীৰ আমেৰিকা ভ্ৰমণঃ প্ৰবজনৰ সমস্যা, বিনিয়োগ, অতিৰিক্ত কৰৰে ধৰি অনেক বিষয়ে হ'ব আলোচনা...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দুদিনীয়া ভ্ৰমণসূচী লৈ আমেৰিকালৈ গৈছে। পেৰিছৰ পৰা চিধাই ৱাশ্বিংটন ডিচিত উপস্থিত হৈছে। মোডীৰ এই আমেৰিকা ভ্ৰমণ বহু কেইটা কাৰণত গুৰুত্বপূৰ্ণ হৈ উঠিছে।

author-image
Asomiya Pratidin
New Update
মোডীৰ আমেৰিকা ভ্ৰমণঃ প্ৰবজনৰ সমস্যা, বিনিয়োগ, অতিৰিক্ত কৰৰে ধৰি অনেক বিষয়ে হ'ব আলোচনা...

ডিজিটেল ডেস্কঃ অবৈধ প্ৰবজিত লোকক বিতাড়ণৰ নামত ড’নাল্ড ট্ৰাম্পে যি চৰম অমানৱীয়তাৰ পৰিচয় দিলে তাৰ প্ৰতিক্ৰিয়া এতিয়াও অব্যাহত আছে। আমেৰিকাত ভাৱে বাস কৰি থকা ভাৰতীয়ক হাতে, ভৰিয়ে শিকলি লগাই স্বদেশলৈ প্ৰত্যৰ্পণৰ বিষয়টোৱে দেশৰ ৰাজনীতিকো গৰম কৰি ৰাখিছে।  

Advertisment

তাৰোপৰি ড’নাল্ড ট্ৰাম্পে লোৱা বহু কেইটা সিদ্ধান্তই ইতিমধ্যে ভাৰতক বহু ক্ষতি কৰিছে। ভাৰতে ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰত আৰোপ কৰিছে অতিৰিক্ত কৰৰ বোজা। ট্ৰাম্পৰ একাধিক ভাৰতক ক্ষতি কৰিব পৰা সিদ্ধান্তৰ বাবেই শ্বেয়াৰ বজাৰটো লাখ লাখ কোটি টকাৰ ক্ষতি হৈছে।

এনে এক সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দুদিনীয়া ভ্ৰমণসূচী লৈ আমেৰিকালৈ গৈছে। পেৰিছৰ পৰা চিধাই ৱাশ্বিংটন ডিচিত উপস্থিত হৈছে। মোডীৰ এই আমেৰিকা ভ্ৰমণ বহু কেইটা কাৰণত গুৰুত্বপূৰ্ণ হৈ উঠিছে।

মোডীৰ এই ভ্ৰমণৰ সময়তে ড’নাল্ড ট্ৰাম্পৰ সৈতে মোডীৰ দ্বিপাক্ষীক আলোচনা এতিয়া কেৱল বিশ্বৰ ৰাজনৈতিক নেতৃত্বৰ বাবেই নহয়, উদ্যোগীসকলৰ বাবেও গুৰুত্বপূৰ্ণ হৈ পৰিছে। বিশেষজ্ঞসকলৰ মতে দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পাছত ট্ৰাম্পৰ সৈতে মোডীৰ এয়া প্ৰথম আনুষ্ঠানিক বৈঠক হ’ব।

এই বৈঠকত ৰপ্তানিকৃত সামগ্ৰীৰ ওপৰত আৰোপ কৰা অতিৰিক্ত কৰ, প্ৰবজিত ভাৰতীয়ৰ বিষয়সমূহে যে স্থাপন পাব সেয়া স্পষ্ট। শেহতীয়াকৈ ট্ৰাম্পে এলুমিনিয়াম, ইস্পাত আদি ৰপ্তানিকৃত সামগ্ৰীত ২৫ শতাংশ কৰ আৰোপ কৰিছে। তাৰোপৰি এই আলোচনাত বিনিয়োগ, শক্তি, প্ৰতিৰক্ষা, প্ৰযুক্তি আদি বিষয়েও স্থান লাভ কৰিব।

উল্লেখ্য যে, ৱাশ্বিংটন ডিচিত উপস্থিত হোৱাৰ পাছতে মোডীক ব্লেয়াৰ হাউচলৈ আদৰি নিয়া হৈছে। ইয়াতেই তেওঁক ইণ্ডো-আমেৰিকান সম্প্ৰদায়ৰ প্ৰতিনিধিসকলেও আদৰণি জনাইছে।

মোডীৰ উপস্থিতিত ব্লেয়াৰ হাউচত বন্দে মাতৰম, ভাৰত মাতা কী জয়, মোডী মোডী আদি শ্লোগান গুঞ্জৰিত হৈছে। অৱশ্যে তেওঁলোকৰ হাতত ভাৰতীয় পতাকাৰ সমানে আছিল আমেৰিকান পতাকাও। 

মোডী আৰু ট্ৰাম্পৰ মাজত হ’বলগীয়া আলোচনাত এই ইণ্ডো-আমেৰিকানসকলৰ সমস্যাৰ বিষয়েও স্থান লাভ কৰিব। তাৰোপৰি বিশ্ব ৰাজনীতিক প্ৰভাৱিত কৰা বহু কেইটা বিষয় যেনে ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধ, পশ্চিম এছিয়াৰ উন্নয়ন আদি বিষয়েও স্থান লাভ কৰিব।

মন কৰিবলগীয়া যে, দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হোৱাৰ পাছত ট্ৰাম্পে তিনিগৰাকী ৰাষ্ট্ৰ নেতাক সাক্ষাৎ কৰিছে। তেওঁলোক ক্ৰমে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু, জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ঈশ্বিবা আৰু জৰ্ডানৰ ৰজা দ্বিতীয় আব্দুল্লাহ।  

ইয়াৰ পিছতে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিব। উল্লেখ্য যে, বৃহস্পতিবাৰে মোডীয়ে হোৱাইট হাউচত ইলন মাস্কককো সাক্ষাৎ কৰাৰ কথা আছে। তাৰোপৰি আমেৰিকাৰ শীৰ্ষ ব্যৱসায়ীসকলৰ সৈতেও আলোচনাত বহিব।

প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীৰ এয়া দশমটো আমেৰিকা ভ্ৰমণ। ২০১৪ ত বাৰাক ওবামা আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে থকাৰ সময়ত তেওঁ প্ৰথমবাৰৰ বাবে আমেৰিকা ভ্ৰমণ কৰিছিল। 

 

 

নৰেন্দ্ৰ মোডী ড'নাল্ড ট্ৰাম্প