Published on :
Updated on :
- আফগানিস্তানত হত্যা কৰা হ'ল প্ৰখ্যাত ভাৰতীয় ফটো সাংবাদিক দানিশ ছিদ্দিকীক।
- তালিবানী সন্ত্ৰাসবাদী আৰু আফগান আৰ্মীৰ মাজৰ সংঘৰ্ষৰ ক'ভাৰ কৰিবলৈ আফগানিস্তানলৈ গৈছিল সাংবাদিক দানিশ।
- শুক্ৰবাৰে আফগানিস্তানৰ স্পিন বোল্ডেক অঞ্চলৰ পৰা উদ্ধাৰ কৰা হৈছে।
- তেওঁৰ দেহৰ মূৰত আৰু হাতত গুলী লগাৰ স্পষ্ট চিন দেখা পোৱা গৈছে।
- এগৰাকী টিভি ৰিপ'ৰ্টাৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰা দানিশে নিউজ এজেন্সী Reuters ৰ সৈতে সংযুক্ত হৈ কাম কৰি আছিল।
- ৰহিংগীয়া শৰনাৰ্থীৰ অসাধাৰণ কভাৰেজৰ বাবে তেওঁক ২০১৮ চনত পুলিটজাৰ বঁটাৰে সন্মানিত কৰা হৈছিল।
- আনহাতে কা আন্দোলনৰ সময়চোৱাত দিল্লীৰ হিংসাত্মক ঘটনা, কোৰোনাৰ ভয়াবহ দৃশ্য তেওঁ কেমেৰাত আৱদ্ধ কৰিবলৈ সক্ষম হৈছিল।
- আফগানিস্তানৰ ৰাষ্ট্ৰপতিগৰাকীয়েও দানিশৰ মৃত্যত শোক ব্যক্ত কৰিছে।
- ইফালে ফটো সাংবাদিকগৰাকীৰ মৃত দেহ ৰেডক্ৰছক অৰ্পন কৰা হৈছে।
Asomiya Pratidin
www.asomiyapratidin.in