/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/petrol-2.jpg)
ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় বজাৰত ক্ৰোড অইলৰ মূল্য ১০০ ডলাৰতকৈ হ্ৰাস পাইছে যদিও ভাৰতত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য হ্ৰাস হোৱাৰ বিপৰীতে প্ৰতিদিনে প্ৰায় ৮০ পইচাকৈ বৃদ্ধি পাইয়েই আছে। তেল বিপণন কোম্পানীবোৰে সোমবাৰেও বৃদ্ধি কৰিলে পেট্ৰ'ল আৰু ডিজিলৰ মূল্য। প্ৰতি লিটাৰ পেট্ৰ'লত ৪২ পইচা আৰু ডিজেলত ৪ পইচাকৈ বৃদ্ধি কৰিলে তেল বিপণন কোম্পানীসমূহে।
দেশৰ ৫ ৰাজ্যৰ নিৰ্বাচন শেষ হোৱাৰ পিছৰ পৰাই আৰম্ভ হৈছিল পেট্ৰ'ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰক্ৰিয়া। নিৰ্বাচনৰ পূৰ্বে দীৰ্ঘদিন পেট্ৰ'ল আৰু ডিজেলৰ মূল্য স্থিৰ হৈ থকাৰ পিছত ২২ মাৰ্চত প্ৰথমবাৰৰ বাবে বৃদ্ধি কৰা হৈছিল পেট্ৰ'ল আৰু ডিজেলৰ মূল্য। মাৰ্চৰ মাহটোত ২২ তাৰিখৰ পৰা ৩১ তাৰিখলৈ মাজত মাত্ৰ ২৪ মাৰ্চ বাদ দি আটাইকেইতা দিনতে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰা হ'ল।
ক্লিক কৰি পঢ়কঃ শিশু বলাৎকাৰৰ অভিযুক্ত মুহিম শৰ্মালৈ আৰক্ষীৰ গুলী
২২ মাৰ্চত পেট্ৰ'ল আৰু ডিজেলৰ মূল্যত ৮০ পইচাকৈ বৃদ্ধি কৰাৰ পিছতে ২৪ মাৰ্চক বাদ দি ৩১ মাৰ্চলৈকে ক্ৰমান্বয়ে ১০ টা দিনত ৯বাৰ পেট্ৰ'লৰ মূল্য ৮০, ৮০, ৮০, ৮০, ৫০, ৩০, ৮০, ৮০ আৰু ৮০ পইচা বৃদ্ধি কৰা হৈছে। এনেদৰে মাৰ্চ মাহত পেট্ৰ'লৰ মূল্য বৃদ্ধি পালে ১ লিটাৰত ৭.২০ টকা। আনহাতে ১ এপ্ৰিলক বাদ দি এপ্ৰিল মাহটোৰ ৪ টা দিনত মুঠ ৩ বাৰ পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰা হৈছে। ২ এপ্ৰিলত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ৮০ পইচা, ৩ এপ্ৰিলত ৮০ পইচা আৰু ৪ এপ্ৰিলত পেট্ৰ'লত ৪২ পইচা আৰু ডিজেলত ৪ পইচা বৃদ্ধি কৰা হৈছে।
ক্লিক কৰি পঢ়কঃ ৬ এপ্ৰিলত বঙাইগাঁৱত প্ৰতিদিন টাইমৰ জনপ্ৰিয় অনুষ্ঠান 'বিহুৰে বিৰিণা'ৰ অডিচন…
এইদৰে ২২ মাৰ্চৰ পৰা ৪ এপ্ৰিললৈ পেট্ৰ'লত মুঠ ৮.৪২ পইচা আৰু ডিজেলত ৮.৪ পইচা বৃদ্ধি হৈছে। উল্লেখ্য যে পেট্ৰ'লৰ মূল্য যোৱা বছৰৰ ৪ নৱেম্বৰৰ পৰা এই বছৰৰ ২১ মাৰ্চলৈ স্থিৰ আছিল। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা, ডিজেল তৈয়াৰ কৰাটো পেট্ৰ'লতকৈ অধিক ব্যয়বহুল। কিন্তু ভাৰতৰ মুকলি বজাৰত, পেট্ৰ'ল ব্যয়বহুল আৰু ডিজেল তুলনামূলকভাৱে সস্তাত বিক্ৰী কৰা হয়। কিন্তু এই বছৰৰ ২২ মাৰ্চৰ পৰা, ডিজেলৰ মূল্য পেট্ৰ'লতকৈ অধিক বৃদ্ধি কৰা হৈছে।
মুডিজৰ এক প্ৰতিবেদন অনুসৰি, উত্তৰ প্ৰদেশকে ধৰি পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ইণ্ডিয়ান অইল কৰ্পোৰেচন, হিন্দুষ্টান পেট্ৰ'লিয়াম কৰ্পোৰেচন লিমিটেড, আৰু ভাৰত পেট্ৰ'লিয়াম কৰ্পোৰেচন লিমিটেডে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰা নাছিল। যাৰ বাবে এই সময়ছোৱাত এই বিপণন কোম্পানী কোইটাৰ লোকচান হৈছিল ১৯,০০০ কোটি টকা। এই লোকচান পূৰণ কৰিবলৈ কোম্পানীসমূহে প্ৰতি লিটাৰ পেট্ৰ'ল আৰু ডিজেলৰ মূল্যত ১৫ ৰ পৰা ২০ টকা বৃদ্ধি কৰিব লাগিব।
মন কৰিবলগীয়া যে, ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধৰ বাবে ক্ৰোড অইলৰ মূল্য প্ৰথম অৱস্থাত বৃদ্ধি পাইছিল যদিও এতিয়া ক্ৰোড অইলৰ মূল্য যথেষ্ট হ্ৰাস পাইছে। যুদ্ধৰ মাজত ক্ৰোড অইলৰ মূল্যই ৰেকৰ্ড সৃষ্টি কৰি প্ৰতি বেৰলত ১৩৯ ডলাৰ স্পৰ্শ কৰিছিল। ২০০৮ চনৰ পিছত এইয়াই আছিল সৰ্বাধিক মূল্য। কিন্তু আজিৰ তাৰিখত ক্ৰোড অইলৰ মূল্য প্ৰতি বেৰলত ১০০ ডলাৰতকৈ কম। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে ষ্ট্ৰেটেজিক ৰিজাৰ্ভৰ পৰা ১৮০ নিযুত খাৰুৱা তেল মুকলি কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ ফলত ব্ৰেণ্ট ক্ৰোডৰ মূল্য ০.৩১ শতাংশ হ্ৰাস হৈ প্ৰতি বেৰলত ১০৪.৪০ ডলাৰ আৰু ডব্লিউ টি আই ক্ৰোড অইলত ১.০১ শতাংশ হ্ৰাস হৈ প্ৰতি বেৰেলত ৯৯.২৭ ডলাৰ হৈছে।