পুনৰ সেনা অভ্যুত্থানৰ দিশে পাকিস্তান ! ভংগ হোৱাৰ দিশে ইমৰান খানৰ চৰকাৰ….

পুনৰ সেনা অভ্যুত্থানৰ দিশে পাকিস্তান ! ভংগ হোৱাৰ দিশে ইমৰান খানৰ চৰকাৰ….

author-image
asomiyapratidin
New Update
পাকিস্তানত পতনৰ দিশত ইমৰাণ খানৰ চৰকাৰ…

ডিজিটেল ডেস্কঃ ৰাজনৈতিক অস্থিৰতাৰ মাজত পাকিস্তান। দেশখনৰ প্ৰধানমন্ত্ৰী ইমৰান খান অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হৈছে। ইয়াৰ মাজতে পাকিস্তানৰ এগৰাকী মন্ত্ৰীয়ে ইমৰান খানে পদত্যাগ নকৰে বুলি মন্তব্য কৰিছে। ৩ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া এই অনাস্থা প্ৰস্তাৱৰ পূৰ্বে পাকিস্তানত সেনাৰ অভ্যুত্থানৰ ইংগিত প্ৰদান কৰিছে।

Advertisment

বুধবাৰে ইমৰান খানৰ বাসগৃহ পাকিস্তানী সেনাই চাৰিওফালৰ পৰা আগুৰি ধৰিছে। আনহাতে পাকিস্তানৰ সেনা প্ৰধানে ইমৰান খানক পদত্যাগ কৰিবলৈ নিৰ্দেশ দিছে। উল্লেখ্য যে পাকিস্তানত সেনাৰ ভ্যুত্থান কোনো নতুন কথা নহয়। পূৰ্বৰে পৰা দেশখনত সেনাৰ অভ্যুত্থানৰ বহু ঘটনা সংঘটিত হৈ আহিছে।

ক্লিক কৰি পঢ়কঃ মূৰটো গুজিবলৈ এটাই মাত্ৰ সৰু জুপুৰী সেইটোও ভাঙি থৈ গ'ল ধুমুহাইঃ ৩ সন্তানলৈ ক'লৈ যাব বিধৱা মহিলা…

এক ৰাজনৈতিক অস্থিৰতাৰ মাজেৰে পৰা হোৱা পাকিস্তানত ইমৰান খানৰ চৰকাৰ পতন হোৱাৰ ইংগিত স্পষ্ট হৈছে। দেশখনত চলি থকা ৰাজনৈতিক সংকটৰ মাজতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ ভাষণ পিছুৱাই দিয়া হৈছে। পাকিস্তানৰ সেনা প্ৰধান আৰু আই এছ আইৰ ডি জিয়ে ইমৰান খানক সাক্ষাত কৰিছে।

ক্লিক কৰি পঢ়কঃ ডি ফাৰ্ম পাঠ্যক্ৰমত জালিয়াতি ! গোৱালপাৰাৰ ৬০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি…

পাকিস্তানৰ বিৰোধীয়ে ইমৰান খানৰ চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছে। আগন্তুক ৩ এপ্ৰিলত এই সন্দৰ্ভত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ইতিমধ্যে ইমৰান খান চৰকাৰৰ পৰা কেইবাজনো সাংসদে পদত্যাগ কৰাৰ পিছতে শেহতীয়াকৈ পনুৰ ৩ জন মন্ত্ৰীয়ে পদত্যাগ কৰিছে।