নিৰ্লজ্জ স্বীকাৰুক্তি পাক প্ৰতিৰক্ষা মন্ত্ৰীৰঃ 'সন্ত্ৰাসবাদক আমি ৩ দশক ধৰি প্ৰতিপালন কৰি আহিছো'

আমি এই ঘৃণনীয় কাৰ্য যোৱা তিনি দশক ধৰি কৰি আহিছো। তেওঁ কয়, এই কাম পাকিস্তানে আমেৰিকা, ব্ৰিটেইনসহ পশ্চিমীয়া দেশসমূহৰ বাবে কৰিছিল। এয়া আমাৰ ভুল আছিল।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
নিৰ্লজ্জ স্বীকাৰুক্তি পাক প্ৰতিৰক্ষা মন্ত্ৰীৰঃ 'সন্ত্ৰাসবাদক আমি ৩ দশক ধৰি প্ৰতিপালন কৰি আহিছো'

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে কৰা আক্ৰমণক স্বাধীনতা সংগ্ৰামীৰ সংগ্ৰাম বুলি আখ্যা দিবলৈ কুণ্ঠাবোধ নকৰা পাকিস্তানে কিদৰে ভাৰত বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ পাছতো নিজকে ধোঁৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰিছে সেয়া স্পষ্ট হৈছে। নিজৰ দোষ লুকুৱাবলৈ গৈ বাৰে বাৰে ধৰা পৰিছে সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক এই ৰাষ্ট্ৰখন। 

Advertisment

সন্ত্ৰাসবাদীৰ ৰম্যভূমি পাকিস্তানৰ আন এক পৰিচয় সন্ত্ৰাসবাদ হিচাপে বিশ্বতে পৰিচিতি হৈ পৰাৰ পাছতো লজ্জাবোধ নথকা এই দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে পেহেলগামৰ ঘটনাক অস্বীকাৰ কৰিবলৈ গৈ অকপতে এই কথাও স্বীকাৰ কৰিলে যোৱা ৩ টা দশকত দেশখনে কিদৰে সন্ত্ৰাসবাদক লালন-পালন কৰি আহিছে। 

পাকিস্তানেই যে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক সেই কথা অকপটে স্বীকাৰ কৰিছে পাক প্ৰতিৰক্ষা মন্ত্ৰী খাওৱাজা আছিফে। তেওঁ 'স্কাই নিউজ' নামৰ এক আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত দিয়া সাক্ষাতকাৰত কয়, এই কথা সত্য যে বিগত তিনি দশক ধৰি পাকিস্তানে সন্ত্ৰাসক সহায় কৰিছে।

উল্লেখ্য যে, পেহেলগাম আক্ৰমণৰ আঁৰত পাকিস্তানৰ হাত থকাটো নিশ্চিত হৈছে। এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে লস্কৰ-ই-তৈবাৰ সমৰ্থিত সংগঠন দ্য ৰেজিষ্ট্ৰেচন ফ্ৰণ্ট চমুকৈ টি আৰ এফে। তাৰোপৰি যি কেইটা সন্ত্ৰাসবাদীয়ে আহি এই আক্ৰমণ কৰিলে সেয়াও পাকিস্তানৰ। 

তাৰ পাছতো দেশখনৰ নেতৃত্বই এই আক্ৰমণত তেওঁলোক কোনো ফালৰ পৰা জড়িত নহয় বুলি মন্তব্য কৰিছে। আনকি এই সন্ত্ৰাসবাদী কাৰ্যকলাপৰ পৰা নিজকে ৰক্ষা কৰিবলৈ গৈ এয়া সন্ত্ৰাসবাদী কেইটাক আখ্যা দিলে স্বাধীনতা সংগ্ৰামী। 

এনেদৰে নিজকে ৰক্ষা কৰিবলৈ বিচাৰিলেও অৱশ্যে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত অকপটে সন্ত্ৰাসবাদৰ সৈতে যে তেওঁলোক প্ৰত্যক্ষভাৱে জড়িত সেই কথা স্বীকাৰ কৰিছে। খাওৱাজা আছিফে কয়, আমি এই ঘৃণনীয় কাৰ্য যোৱা তিনি দশক ধৰি কৰি আহিছো। 

তেওঁ কয়, এই কাম পাকিস্তানে আমেৰিকা, ব্ৰিটেইনসহ পশ্চিমীয়া দেশসমূহৰ বাবে কৰিছিল। এয়া আমাৰ ভুল আছিল। যাৰ ফল আমি এতিয়া ভূগিবলগীয়া হৈছে। আমাৰ সেই অতীতৰ বাবেই আজি আপোনালোকে আমাক এই প্ৰশ্ন কৰিছে। 

তেওঁ আৰু কয়, যদি আমি ছোভিয়েট ইউনিয়নৰ বিৰুদ্ধে আৰু পৰৱৰ্তী সময়ত ৯/১১ ৰ পৰৱৰ্তী যুদ্ধত যোগ নিদিলো হয় তেন্তে পাকিস্তানৰ ইতিহাস আজি অন্য ধৰণৰ হ’ল হয়। লস্কৰ-ই-তৈবাৰ সন্দৰ্ভত তেওঁ কয়, লস্কৰ-ই-তৈবা পাকিস্তানত শেষ হৈ গৈছে। অতীতত লস্কৰৰ সৈতে পাকিস্তানৰ কিছু সম্পৰ্ক আছিল ঠিকেই কিন্তু বৰ্তমান যি সংগঠন নাই তাৰ ছায়া সংগঠনৰ কথাহে আহিছে। পাকিস্তানৰ সৈতে লস্কৰৰ সম্পৰ্ক বিচৰাৰ অৰ্থ এইটো নহয় যে, আমি তেওঁলোকক সহায় কৰিম। 

যদিও পাকিস্তানে পেহেলগাম আক্ৰমণত কোনো ধৰণে জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে তথাপিও এই আক্ৰমণ পি অ' কে আৰু পাকিস্তানী সঞ্চালকৰ সহায়ত সংঘটিত হৈছে বুলিয়েই সন্দেহ কৰা হৈছে। প্ৰশিক্ষণপ্ৰাপ্ত আক্ৰমণকাৰীয়ে তেওঁলোকৰ উদ্দেশ্য সফল কৰিবলৈ এনে এক পৰ্যটনস্থলী বিচাৰি লৈছিল য’ত পৰ্যটকৰ সংখ্যা বেছি হয় আৰু সুৰক্ষা ব্যৱস্থা তুলনামূলকভাৱে কম হয়। 

কেৱল সেয়াই নহয়, আক্ৰমণকাৰীসকললৈ বাস্তৱ-সময়ৰ নিৰ্দেশনাও প্ৰেৰণ কৰি থকা হৈছিল পাকিস্তানৰ ভূমিৰ পৰাই।মঙলবাৰে আক্ৰমণ কৰা চাৰিজন আক্ৰমণকাৰীৰ হেলমেটত আছিল কেমেৰা। তেওঁলোকে এই আক্ৰমণৰ ভিডিঅ’ ৰেকৰ্ড কৰিছিল। পাকিস্তানত বহি সেই দৃশ্য উপভোগ কৰি আছিল এটা পক্ষই। 

সন্ত্ৰাসবাদ পাকিস্তান