/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/pakistan-22.jpg)
ডিজিটেল ডেস্ক: পাকিস্তানৰ সিন্ধু প্ৰদেশত এগৰাকী ১৮ বছৰীয়া হিন্দু যুৱতীক ৰাজপথত গুলীয়াই হত্যা কৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। এগৰাকী ১৮ বছৰীয়া হিন্দু যুৱতীক অপহৰণ কৰাৰ চেষ্টা কৰি পৰৱৰ্তী সময়ত গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই। দ্যা ফ্ৰাইডে টাইমছৰ বাতৰি অনুসৰি পূজা ওড নামৰ যুৱতী গৰাকীক ৰাজপথৰ মাজতেই গুলীয়াই হত্যা কৰা হৈছে। এই হত্যাৰ কাৰণ হৈছে অপহৰণ কৰাৰ সময়ত দুৰ্বৃত্তৰ লগত সহযোগিতা কৰা নাছিল। অপহৰণৰ বিৰোধিতা কৰিছিল।
উল্লেখ্য যে পাকিস্তানত ইয়াৰ পূৰ্বেও বহু এনে ধৰণৰ ঘটনা সংঘটিত হৈছে। মানৱ অধিকাৰ কৰ্মীৰ মতে প্ৰতি বছৰে দেশখনত হিন্দু আৰু শিখ যুৱতীক ধৰ্ম পৰিবৰ্তনৰ বাবে বাধ্য কৰোৱা হয়। দেশখনৰ সংখ্যালঘু যুৱতীক অপহৰণ আৰু বলপূৰ্বক ভাৱে ধৰ্ম পৰিবৰ্তন কৰোৱা হয়। হিন্দু, শিখকে ধৰি পাকিস্তানত যিসকল সংখ্যালঘু লোক আছে তেওঁলোকে বছৰ বছৰ ধৰি এইদৰে ধৰ্ম পৰিবৰ্তন আৰু বলপূৰ্বক বিবাহৰ দৰে সমস্যাৰ সন্মুখীন হৈ আহিছে।