/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/pakistan-19.jpg)
ডিজিটেল ডেস্কঃ পাকিস্তানত ৰাজনৈতিক সংকট। পতনৰ দিশে আগবাঢ়িছে ইমৰান খানৰ চৰকাৰ। অহা ২৫ মাৰ্চত অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হ'ব লাগিব ইমৰান খানৰ চৰকাৰ। অহা ২৫ মাৰ্চত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ চৰকাৰৰ বিৰুদ্ধে নেচনেল এচেম্বলীত অনাস্থা প্ৰস্তাৱ উত্থাপন কৰা হ'ব। পূৰ্বে ২৭ মাৰ্চত সংসদৰ বিশেষ অধিৱেশন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও এই অধিৱেশন ২৫ মাৰ্চলৈ আগুৱাই দিয়া হৈছে। উল্লেখ্য যে, শাসকীয় দলৰ ২৫ জন অসন্তুষ্ট সাংসদৰ বাবে ইছলামাবাদৰ সিন্ধু সদনত ইমৰান খানৰ চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰা হৈছে। ২৫ মাৰ্চত নিৰ্ধাৰণ হ'ব ইমৰান খানৰ চৰকাৰৰ ভৱিষ্যত।