Pahalgam Incident: টোপনি হেৰাল পাকিস্তানৰ, নিশা ২ বজাত দেশবাসীক কৰিলে সাৱধান

ভাৰতীয় সেনাই যিকোনো মুহূৰ্ততে সংঘটিত কৰিব পাৰে আক্ৰমণ, সেয়ে সন্ত্ৰস্ত পাকিস্তান। ভাৰতৰ ভয়ত নিদ্ৰাহীনতাত পৰা পাকিস্তানে নিশা ২ বজাত সতৰ্ক কৰিলে দেশবাসীক।

author-image
Tushar Pratim
New Update
Pahalgam Incident: টোপনি হেৰাল পাকিস্তানৰ, নিশা ২ বজাত দেশবাসীক কৰিলে সাৱধান

ডিজিটেল ডেস্কঃ ভাৰতীয় সেনাই যিকোনো মুহূৰ্ততে সংঘটিত কৰিব পাৰে আক্ৰমণ, সেয়ে সন্ত্ৰস্ত পাকিস্তান। ভাৰতৰ ভয়ত নিদ্ৰাহীনতাত পৰা পাকিস্তানে নিশা ২ বজাত সতৰ্ক কৰিলে দেশবাসীক। সামাজিক মাধ্যমৰ জৰিয়তে জনালে অহা ৩৬ ঘণ্টাৰ ভিতৰত যিকোনো মুহূ্ৰ্তত পাকিস্তানৰ বিৰুদ্ধে সেনাৰ অভিযান চলাব পাৰে ভাৰতে। 

Advertisment

পেহেলগাম আক্ৰমণৰ পাছতে এতিয়া সাম্ভাব্য বিপদৰ কথা চিন্তা কৰি সন্ত্ৰস্ত হৈ আছে পাকিস্তান। মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সেনাক অৰ্পণ কৰিছে পূৰ্ণ কৰ্তৃত্ব। তাৰ পাছতেই টোপেনি হেৰাইছে পাকিস্তানৰ। 

সেয়া নিশা ২ বজাত সামাজিক মাধ্যম এক্সৰ জৰিয়তে পাকিস্তানৰ সম্প্ৰচাৰ মন্ত্ৰী আটাউল্লা তাহাৰে দেশবাসীক উদ্দেশ্যি কৰি জনাইছে, ২৪ ৰ পৰা ৩৬ ঘণ্টাৰ ভিতৰত পাতিস্তানৰ বিৰুদ্ধে বৃহৎ সেনা অভিযান আৰম্ভ কৰিব পাৰে ভাৰতে। 

নিশা এক ভিডিঅ’ বাৰ্তাত পাক মন্ত্ৰী আটাউল্লাই কয়, বিশ্বস্ত সূত্ৰৰ পৰা আমি খবৰ পাইছো পেহেলগাম ঘটনাৰ দোষ আমাৰ ওপৰত জাপি ২৪ ৰ পৰা ৩৬ ঘণ্টাৰ ভিতৰত পাকিস্তানৰ ওপৰত আক্ৰমণ কৰিবলৈ আগবাঢ়িছে ভাৰত। সেয়ে ভাৰতৰ এক পক্ষীয় পদক্ষেপৰ প্ৰত্যুত্তৰ দিবলৈ পাকিস্তানো প্ৰস্তুত। 

এইদৰে প্ৰত্যুত্তৰৰ হুংকাৰ দিলেও অৱশ্যে কিছু নৰম সুৰত তেওঁ যুদ্ধৰ পৰিবৰ্তে বিকল্পহে বিচাৰিছে। মন্ত্ৰীগৰাকীয়ে কয়, পাকিস্তান নিজেই সন্ত্ৰাসবাদৰ চিকাৰ। ফলত আমি ইয়াৰ যন্ত্ৰণা বুজি পাওঁ। বিশ্বৰ যিকোনো প্ৰান্তত সন্ত্ৰাসবাদৰ ঘটনা ঘটিলে আমি তাৰ নিন্দা কৰো। এখন দায়িত্বশীল ৰাষ্ট্ৰ হিচাপে পাকিস্তানে ভাৰতৰ ওচৰত অনুৰোধ জনাইছে সেই ঘটনাৰ নিৰপেক্ষ সংস্থাৰ জৰিয়তে স্বচ্ছ তদন্ত কৰা হওঁক।

পাকিস্তানৰ এই মন্ত্ৰীগৰাকীয়ে আৰু অভিযোগ কৰিছে, কেৱল ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰিবৰ বাবেই এই ধৰণৰ পদক্ষেপ দুৰ্ভাগ্যজনক। ভাৰতে যদি কোনো ধৰণৰ আক্ৰমণ চলাই তেন্তে অত্যন্ত দৃঢ়তাৰে পাকিস্তানে তাৰ উত্তৰ দিব। 

নিশাই সমগ্ৰ বিশ্বক বাৰ্তা দি পাক মন্ত্ৰীজনে আৰু কয়, এই আক্ৰমণ হলে তাৰ পৰিণতিত যি হ’ব তাৰ বাবে সম্পূৰ্ণৰূপে ভাৰতেই দায়ী হ’ব। পাকিস্তানে নিজৰ সাৰ্বভৌমত্ব আৰু ৰাষ্ট্ৰীয় অখণ্ডতা ৰক্ষাৰ বাবে দৃঢ় প্ৰতিজ্ঞ। 

যোৱা ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন পৰ্যটক আৰু এজন স্থানীয় ঘোৰা চালকৰ মৃত্যু হৈছিল। এই আক্ৰমণৰ সৈতে পাকিস্তানৰ সন্ত্ৰাসবাদী জড়িত থকাটো স্পষ্ট হৈছে। সন্ত্ৰাসবাদক সাৰ-পানী যোগাই অহা পাকিস্তানৰ স্বৰূপ উন্মোচিত হোৱাৰ পাছতে এতিয়া এইদৰেই ভাৰতলৈহে অভিযোগৰ আঙুলি উত্থাপন কৰি নিজকে নিৰ্দোষী হিচাপে প্ৰমাণ কৰিবলৈ উঠিপৰি লাগিছে। 

স্মৰ্তব্য, পেহেলগাম আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে লস্কৰ-ই-তৈবাৰ ছায়া সংগঠন টি আৰ এফে। তাৰোপৰি আক্ৰমণকাৰী ৪ সন্ত্ৰাসবাদীৰ ২ টা পাকিস্তানৰ বুলিও চিনাক্ত কৰা হৈছে। তাৰ পাছতো পাকিস্তানে এই ঘটনাৰ পৰা আঁতৰাই ৰাখিবলৈ ব্যৰ্থ চেষ্টা অব্যাহত ৰাখিছে।

এই উত্তেজনাময় পৰিস্থিতিত আন্তঃৰ্জাতিক মহলৰ পৰা বিশেষ সমৰ্থন লাভ নকৰাত পাকিস্তানে এতিয়া এইধৰণৰ ভাৰতলৈ দোষ ঠেলি আক্ৰমণৰ প্ৰত্যুত্তৰৰ কথা কৈয়ো ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবী কৰিছে। সমান্তৰালকৈ নিয়ন্ত্ৰণ ৰেখাত গুলী বৰ্ষণ কৰি ভাৰতক যুদ্ধৰ বাবে প্ৰৰোচিত কৰি আছে দেশখনে। 

পাকিস্তানৰ এনে দুমুখীয়া স্থিতি ইতিমধ্যে বিশ্ববাসীৰ আগত উন্মোচিত হৈ পৰিছে। তাৰ মাজতেই ভাৰতৰ সেনা বাহিনীক সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰাত এতিয়া টোপনি হৰিছে ইছলামাদৰ নেতা, মন্ত্ৰী তথা পাক সেনাৰ।

 

ভাৰতীয় সেনা পেহেলগাম পাকিস্তান