/asomiyapratidin/media/media_files/2025/05/09/daxKqzy2Hghx1i86IrFn.png)
ডিজিটেল ডেস্কঃ ভাৰতৰ আভ্যন্তৰত অশান্তিৰ বীজ ৰোপণ কৰি এতিয়া নিজ দেশৰে সংসদ ভৱনত কান্দিবলৈ বাধ্য হৈছে পাকিস্তানৰ সাংসদ। সন্ত্ৰাসবাদক পৃষ্ঠপোষক কৰি অহা পাকিস্তানেৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতক জোকাই লৈ এতিয়া বিশ্ববাসীলৈ সহায়ৰ ভিক্ষা খুজিবলৈ আৰম্ভ কৰিছে। তাৰ মাজতেই এগৰাকী অৱসৰপ্তাপ্ত সেনা বিষয়া তথা বৰ্তমানৰ সাংসদে ভাৰতক প্ৰত্যাঘাতৰ কথা কৈ হোকহোকাই কান্দি পেলোৱাৰ দৃশ্য পোহৰলৈ আহিছে।
২২ এপ্ৰিল, ২০২৫ ত পেহেলগাম বৈছাৰণত সংঘটিত কৰা নাৰকীয় হত্যা লীলাৰ প্ৰত্যুত্তৰ অপাৰেচন সিন্দুৰৰ জৰিয়তে দিছে ভাৰতে। বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰিছে অপাৰেচন সিন্দুৰৰ ২.০। তাৰ মাজতেই পোহৰলৈ আহিছে এক বিশেষ দৃশ্য।
পাকিস্তানৰ সংসদ ভৱনত ভাৰতৰ প্ৰত্যাঘাতৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ কথা ক’বলৈ গৈ পাকিস্তানৰ সাংসদ তথা অৱসৰপ্ৰাপ্ত মেজৰ তাহিৰ ইকবালে হোকহোকাই কান্দিবলৈ বাধ্য হৈছে। তেওঁ পাকিস্তানৰ দুৰ্বলতাৰ কথা মুকলিকৈ স্বীকাৰ কৰি দেশখনক ৰক্ষা কৰিবলৈ এই মুহূৰ্তত আল্লাহৰ বাদে আন কোনো নাই বুলি স্বীকাৰ কৰিছে।
ইয়াৰ বাবে তেওঁ আল্লাহৰ ওচৰত প্ৰাৰ্থনাও কৰিছে। তেওঁ বিশ্বৰ মুছলমানসকলৰ আগত তেওঁলোকৰ দুখ-কষ্টৰ কথাও কয়। অথচ এইসকেই সেইসকল সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক যিয়ে ভাৰতীয়ক তেওঁলোকৰ ধৰ্মৰ পৰিচয় সুধি হত্যা কৰি অধৰ্মীৰ পৰিচয় দাঙি ধৰিছে। তেওঁলোকে পাহৰি গৈছে বৈছাৰণ উপত্যকাত হত্যাৰ বলি হোৱা ছৈয়দ আদিল হুছেইন শ্বাহো এগৰাকী মুছলমানেই আছিল।
মেজৰ ইকবাল তাহিৰে তেওঁৰ ভাষণত কয়, আমাৰ দেশ দুৰ্বল। গতিকে, আহক আমি একত্ৰিত হৈ আমাৰ আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰো-হে কাবা আপোনাৰ আগত অনুৰোধ কৰো, আমাৰ ওপৰত ন্যস্ত কৰা এই দেশখনক ৰক্ষা কৰা।
তেওঁ পাকিস্তানক ঐশ্বৰিক ইচ্ছাত সৃষ্টি কৰা দেশ বুলি অভিহিত কৰি আল্লাহৰ দয়া আৰু সুৰক্ষাও বিচাৰিছে। তাৰোপৰি তেওঁ কাশ্মীৰ আৰু পেলেষ্টাইনৰ মুছলমানসকলৰ অৱস্থাৰ কথাও উল্লেখ কৰি তেওঁ ক্ষমা আৰু ঐশ্বৰিক সমৰ্থনৰ আহ্বান জনাইছে।
ভাষণত তেওঁ ভাৰতৰ সুদৰ্শন চক্ৰৰ দৰে কৌশলগত অভিযান আৰু ভাৰতীয় বায়ুসেনাই এছ-৪০০ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ কথা উল্লেখ কৰি পাকিস্তানৰ আভ্যন্তৰীণ উদ্বেগৰ বিষয়েও মন্তব্য কৰিছে। এইবোৰ ঘটনাক পাকিস্তানপ বিৰুদ্ধে ভাৰতৰ ক্ৰমবৰ্ধমান সামৰিক আধিপত্য বুলিও উল্লেখ কৰিছে।
কিন্তু তেওঁ এবাৰো ভাৰতক কিদৰে পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে অস্থিৰ কৰিছে, ভাৰতীয়ৰ প্ৰাণ কাঢ়িছে সেই কথা এবাৰলৈয়ো উল্লেখ কৰা নাই। আল্লাহক কেৱল তেওঁলোক বুলিয়েই ভাবি লোৱা ইকবাল তাহিৰৰ দৰে নেতাই হয়তো পাহৰি গৈছে ভাৰততো আল্লাহক দোৱা কৰা মানুহৰ সংখ্যা কম নহয়।
পাকিস্তানীয়ে লালন-পালন কৰা সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা ভাৰতীয় মুছলমানৰ সংখ্যাও কম নহয়। সেইসকল নিৰীহ ভাৰতীয় মুছলমানৰ পৰিয়ালেও আল্লাহৰ ওচৰত পাকিস্তানৰ দৰে এখন সন্ত্ৰাসবাদী দেশৰ পতনৰ বাবে দোৱা কৰিছে।
Pakistani Parliament Member breaks down inside National Assembly of Pakistan after #OperationSindoor impact. Cries for help to Allah. This is Major Tahir Iqbal, former officer of Pakistan Army, now a Pakistani politician. This is the real mood in Pakistan. pic.twitter.com/Xeg7GzxRx4
— Aditya Raj Kaul (@AdityaRajKaul) May 8, 2025