এটা ৰোমান্টিক প্ৰস্তাৱৰ সময়তে ঘটিল আচম্বিত ঘটনা, ৬৫০ ফুট উচ্চতাৰ পৰা পিছলি পৰিল যুৱতী…

এটা ৰোমান্টিক প্ৰস্তাৱৰ সময়তে ঘটিল আচম্বিত ঘটনা, ৬৫০ ফুট উচ্চতাৰ পৰা পিছলি পৰিল যুৱতী…

author-image
asomiyapratidin
New Update
এটা ৰোমান্টিক প্ৰস্তাৱৰ সময়তে ঘটিল আচম্বিত ঘটনা, ৬৫০ ফুট উচ্চতাৰ পৰা পিছলি পৰিল যুৱতী…

ডিজিটেল ডেস্কঃ এটা ৰোমান্টিক প্ৰস্তাৱ কাল হ'ল এগৰাকী যুৱতীৰ বাবে। প্ৰস্তাৱটোৰ পিছত যুৱতী গৰাকীয়ে সন্মতি প্ৰদান কৰাৰ সময়তে আচম্বিতে ৬৫০ ফুট উচ্চতাৰ পৰা পিছলি তলত পৰিলগৈ যুৱতী গৰাকী।

Advertisment

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুস,ৰি ২৭ বছৰীয়া এজন যুৱকে তেওঁৰ প্ৰেমিকাক বিয়াৰ বাবে প্ৰস্তাৱ দিয়াৰ সময়ত সংঘটিত হৈছে এই ঘটনাৰ ।অষ্ট্ৰিয়াৰ কেৰিথিয়াত সংঘটিত এই ঘটনাৰ প্ৰেমিকা গৰাকীৰ বয়স ৩২ বছৰ। ২৭ ডিচেম্বৰত তেওঁলোক ফ্লাংকেট পৰ্বতলৈ গৈছিল আৰু তাতেই তেওঁক বিবাহৰ প্ৰস্তাৱ দিছিল প্ৰেমিকজনে। কিন্তু কিছু পলৰ পিছতে পৰ্বতটোৰ পৰা পিছলি পৰে মহিলা গৰাকী।

অৱশ্যে সৌভাগ্যক্ৰমে মৃত্যুৰ পৰা ৰক্ষা পৰিলে যুৱতীগৰাকী। প্ৰকাশিত ৰাষ্ট্ৰীয় মাধ্যমৰ খবৰ অনুসৰি, প্ৰেমিকা গৰাকী ৬৫০ ফুট উচ্চতাৰ পৰা পিছলি পৰি পৰিলগৈ এখন বৰফৰ সমভূমিত। যাৰ বাবে অধিক আঘাট প্ৰাপ্ত নহ'ল যুৱতী গৰাকী। বৰ্তমান দুয়ো সুৰক্ষিত বুলি জানিব পৰা গৈছে।