ডিজিটেল ডেস্কঃ গণতন্ত্ৰৰ প্ৰতি মোহভংগ হল নেপালৰ সাধাৰণ জনতাৰ। ১৯ বছৰৰ পূৰ্বে ৰজাৰ শাসনৰ পৰা মুক্ত হোৱা নেপালৰ জনসাধাৰণে এতিয়া পুনৰ গণতন্ত্ৰৰ পৰিবৰ্তে বিচাৰিছে ৰাজতন্ত্ৰ। দেওবাৰে নেপালৰ কাঠামাণ্ডুৰ ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত যি পৰিস্থিতিৰ সূচনা হ’ল সেই পৰিস্থিতিয়ে এতিয়া বিশ্ববাসীক নতুন চিন্তাৰ খোৰাক দিছে।
দেওবাৰে কাঠমাণ্ডুৰ এই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰৱেশদ্বাৰত হাজাৰ হাজাৰ লোক জ্ঞানেন্দ্ৰ শ্বাহৰ সমৰ্থনত ওলাই আহে। তেওঁলোকে দাবী কৰিছে নেপাললৈ পুনৰ ঘূৰাই আনিব লাগে ৰাজতন্ত্ৰ। পুনৰ নেপালক এখন হিন্দু ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা হওক।
বিমান বন্দৰত সমবেত হোৱা হাজাৰ হাজাৰ লোকে ৰাজতন্ত্ৰ পুনৰ ঘূৰাই আনিবলৈ বিভিন্ন শ্লোগান দিয়ে। তেওঁলোকে কয়, ৰজাৰ বাবে ৰাজপ্ৰসাদ এৰি দিয়ক। ঘূৰি আহক ৰজা, ৰক্ষা কৰক দেশ। আমি ৰাজতন্ত্ৰ বিচাৰো।
হাজাৰ হাজাৰ লোকে এইদৰে ৰাজতন্ত্ৰ পুনৰ ঘূৰাই বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে যদিও অৱশ্যে পৰিস্থিতি স্বাভাৱিক হৈ থাকে। সুৰক্ষা কৰ্মীয়ে পৰিস্থিতিৰ অৱনতি হোৱাৰ আশাংকাত অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছিল যদিও প্ৰতিবাদকাৰীসকলে শান্তিপূৰ্ণভাৱেই এই প্ৰতিবাদ সাব্যস্ত কৰে।
কিন্তু লক্ষ্যণীয় ভাৱে দেওবাৰৰ সেই প্ৰতিবাদৰ পাছত আজি পুনৰ প্ৰতিবাদ শক্তিশালী হৈ উঠিছে। নেপালৰ ৰাজতন্ত্ৰ পুনৰ উদ্ধাৰৰ বাবে হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহিছে। অথচ আজিৰ পৰা কিছু বছৰৰ পূৰ্বে ২০০৬ চনত দেখা গৈছিল এক পৃথক দৃশ্য।
তেতিয়া ৰাজপথলৈ নেপালী জনসাধাৰণ ওলাই আহি ৰজাক সিংহাসনৰ পৰা অপসাৰাণৰ দাবীত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছিল। এই প্ৰতিবাদৰ মাজতেই ৰাজপাত এৰি দিবলৈ বাধ্য হৈছিল জ্ঞানেন্দ্ৰ শ্বাহে। ২০০৮ ত নেপালৰ পৰা আঁতৰি গৈছিল ৰাজতন্ত্ৰ। ৰজা জ্ঞানেন্দ্ৰ শ্বাহ হৈ পৰিছিল আন ১০ জনৰ দৰেই এজন সাধাৰণ নাগৰিক।
২০০৮ চনতে নেপালত অনুষ্ঠিত হৈছিল নিৰ্বাচন। বহুতে আশা কৰিছিল গণতন্ত্ৰৰ পাতনি মেলা নেপালত নতুন দিগন্তৰ সূচনা হ’ব। কিন্তু যোৱা ১৯ বছৰত দেশখনত মুঠ ১৩ খন চৰকাৰ হ’ল যদিও ৰাজনৈতিক স্থিৰতা দেখিবলৈ পোৱা নগ’ল। দেশখনত বৃদ্ধি পাইছে দুৰ্নীতি।
সেয়ে এতিয়া দেশখনৰ জনসাধাৰণে ১৯ বছৰীয়া গণতান্ত্ৰিক চৰকাৰৰ সোৱাদ পৰিহাৰ কৰি পুনৰ ৰাজতন্ত্ৰকে বিচাৰিছে। নেপালৰ এই প্ৰতিবাদী জনতাই বিশ্বাস কৰিছে নেপাললৈ পুনৰ ৰাজতন্ত্ৰইহে সুস্থিৰতা ঘূৰাই আনিব পাৰিব।
নেপালৰ সাধাৰণ জনতাই, যিয়ে ২০০৬ ত ৰাজতন্ত্ৰৰ পৰা মুক্তি বিচাৰি প্ৰতিবাদ কৰিছিল সেই একেখিনি মানুহেই এতিয়া পুনৰ ৰাজতন্ত্ৰ বিচাৰি প্ৰতিবাদ কৰা বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে। তেওঁলোকৰ মতে দেশখনৰ এতিয়া মূল সমস্যা হৈ পৰিছে দুৰ্নীতি।
সকলো নেতাই কেৱল দুৰ্নীতিৰে নিজেই ধনী হোৱাতহে নামি পৰিছে। সেয়ে তেওঁলোকৰ মতে দেশৰ এই জটিল সন্ধিক্ষণত ৰজাইহে পৰিস্থিতি নিয়ন্ত্ৰিত কৰিব পাৰিব।
ইফালে নেপালৰ এনে ৰাজনৈতিক অস্থিৰতাৰ ওপৰত দৃষ্টি ৰাখিছে নতুন দিল্লীয়ে। কিয়নো নেপাললৈ গণতন্ত্ৰ অহাক পাছৰে পৰা ক্ৰমান্বয়ে নেপালী চৰকাৰ বেইজিঙৰ অধিক ঘনিষ্ঠ হৈ পৰিছে। ইয়াৰ বিপৰীতে দূৰত্ব বাঢ়িছে নতুন দিল্লীৰে।
সেয়ে নেপালৰ এনে ৰাজনৈতিক অস্থিৰ পৰিস্থিতিয়ে কেনেদৰে গতি লয় অথবা ইয়াৰ পৰিণাম কি হয় তাৰ ওপৰত লক্ষ্য ৰাখিছে দিল্লীয়ে।