/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/kim-1.jpg)
ডিজিটেল ডেস্কঃ উত্তৰ কোৰিয়াৰ মহা প্ৰতাপী শাসক কিম জং উন কুশলে থকাৰ লগতে সুস্থ হৈ আছে। কেইবাটাও দিন কিম জঙৰ মৃত্যুক লৈ চলা প্ৰচাৰৰ যতি লগাই এই ঘোষণা কৰিছে উত্তৰ কোৰিয়াই। দেশৰ খনৰ ৰাষ্ট্ৰপতিৰ জ্যেষ্ঠ নিৰাপত্তা উপদেষ্টা মুন চুং ইনে দেওবাৰে এক সাক্ষাৎকাৰত সদৰি কৰে যে, কিম জং বৰ্তমান সম্পূৰ্ণ সুস্থ। তেওঁক লৈ একাংশই কৰিছে অপ্ৰচাৰ।'
জ্যেষ্ঠ নিৰাপত্তা উপদেষ্টাগৰাকীয়ে লগতে কয়, আমাৰ চৰকাৰ বৰ্তমান শক্তিশালী স্থিতি আছে। কিম জঙৰ স্বাস্থ্যও বৰ্তমান সুস্থ আৰু তেওঁ বিভিন্ন কামো কৰি আছে। বিগত ১৩ এপ্ৰিলৰ পৰা কিম জং ৱৌনছান নামৰ এখন চহৰত আছে। একাংশই তেওঁৰ স্বাস্থ্য সংকটজনক বুলি কৰা দাবী অমূলক।'
উল্লেখ্য যে, ৱৌনছান নামৰ চহৰখন আছে উত্তৰ কোৰিয়াৰ পূব প্ৰান্তত। কিছুদিনৰ পূৰ্বে আমেৰিকাৰ চেটেলাইটতো এই চহৰ খনত এখন বিলাসী ৰেলৰ অৱস্থিতি ধৰা পৰিছিল। ইফালে বিগত কেইটামান দিন ধৰি ছ'চিয়েল মিডিয়াত কিম জঙৰ পিতৃ বিয়োগৰ সময়ৰ কিছু ভিডিঅ' একাংশই ভাইৰেল কৰি উত্তৰ কোৰিয়াৰ মহা প্ৰতাপী শাসকগৰাকী মৃত্যু হৈছে বুলি আপডেট দিয়াৰো পৰিলক্ষিত হৈছে।