নিউ মেক্সিকোত নগামূলৰ চিকিৎসকৰ নামত দিৱস উদযাপনঃ কোভিডৰ সংক্ৰমণ প্ৰতিহত কৰাত লৈছে বিশেষ ভূমিকা

নিউ মেক্সিকোত নগামূলৰ চিকিৎসকৰ নামত দিৱস উদযাপনঃ কোভিডৰ সংক্ৰমণ প্ৰতিহত কৰাত লৈছে বিশেষ ভূমিকা

author-image
asomiyapratidin
New Update
নিউ মেক্সিকোত নগামূলৰ চিকিৎসকৰ নামত দিৱস উদযাপনঃ কোভিডৰ সংক্ৰমণ প্ৰতিহত কৰাত লৈছে বিশেষ ভূমিকা

ডিজিটেল সংবাদ ৱাখাঃ নিউ মেক্সিকোৰ কোভিড – ১৯ মহামাৰীৰ প্ৰতিৰোধ আৰু চিকিৎসাৰ বাবে আগবঢ়োৱা অনবদ্য সেৱাৰ বাবে আমেৰিকাত কৰ্মৰত নগামূলৰ এগৰাকী বিশিষ্ট চিকিৎসক ড০ জনাথন ইৰালুক এক বিৰল সন্মানৰে সন্মানিত কৰা হৈছে। ১৯ জুলাইৰ অৰ্থাৎ সোমবাৰৰ দিনটো সমগ্ৰ মেক্সিকোত ড০ জনাথন ইৰালুৰ নামত ' ড০ জনাথন ইৰালু দিৱস ' হিচাবে উদযাপন কৰা হৈছে ।

Advertisment

উল্লেখ্য যে নিউ মেক্সিকোত কোভিড- ১৯ সংক্ৰমণ ঘটাৰ পূৰ্বে জনসাধাৰণৰ সুৰক্ষাৰ বাবে ড০ জনাথন ইৰালুৱে কোভিড পৰীক্ষাৰ এক সময়োচিত অভিযান চলাই প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰিছিল । ফলত মেক্সিকোত কোভিড সজাগতা সৃষ্টি হয় । তদুপৰি ড০ ইৰালু বিশেষজ্ঞ চিকিৎসক দলে মেক্সিকোৰ নাগৰিকৰ বাবে উচ্চ গুণসম্পন্ন চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰে । কোভিড মহামাৰীৰ বিৰুদ্ধে আগবঢ়োৱা সেৱাৰ বাবে নিউ মেক্সিকোৰ গভৰ্নৰে সোমবাৰৰ দিনটো 'ড০ জনাথন ইৰালু দিৱস' হিচাবে উদযাপন কৰাৰ কথা ঘোষণা কৰে ।

উল্লেখযোগ্য যে ড০ জনাথন ইৰালু হৈছে নাগালেণ্ডৰ ঐতিহ্য গাঁৱ খনমাৰ বিশিষ্ট চিকিৎসক টেফটা জেদ ইৰালুৰ পুত্ৰ । বৰ্তমান তেওঁ ভাৰত চৰকাৰৰ স্বাস্থ্য সেৱা সংক্ৰামক ৰোগ বিভাগৰ মুখ্য পৰামৰ্শদাতা , হাৰ্বাড মেডিকেল স্কুলৰ শিক্ষক তথা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বষ্টনৰ গ্লবেল হেলথ ইকুইটিৰ জ্যেষ্ঠ চিকিৎসক । নগামূলৰ চিকিৎসক ড০ জনাথন ইৰালুক মেস্কিকোৰ গভৰ্নই এনেদৰে বিৰল সন্মানেৰে সন্মানিত কৰাত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅৱে অভিনন্দন জ্ঞাপন কৰিছে ।