/asomiyapratidin/media/media_files/2025/02/28/Ngv4h3lTdupkLosgObeD.jpg)
ডিজিটেল ডেস্কঃ মাজনিশা হঠাৎ কপি উঠিল নেপাল। হিমালয়ৰ কোলাত অৱস্থিত দেশখনত ভূমিকম্প কোনো নতুন কথা নহয় যদিও মাজনিশা অহা ভূমিকম্পই দেশখনৰ জনতাক পুনৰ এবাৰ ভীতিগ্ৰস্ত কৰি তুলিলে।ৰিখাটাৰ স্কেলত ৬.১ প্ৰাবল্যৰএই ভূমিকম্পই অৱশ্যে নেপালৰ লগতে পশ্চিমবংগৰ শিলিগুৰি আৰু বিহাৰৰ পাটনাকো জোকাৰি যায়।
নেপালৰ সিন্ধুপালচৌক জিলাৰ ভৈৰবকুণ্ডৰ ভূ-গৰ্ভৰ ১০ কিলোমিটাৰ তলত উৎপত্তি হোৱা এই ভূমিকম্পৰ ক্ষয়-ক্ষতি সম্পৰ্কে সবিশেষ এতিয়াও পোহৰলৈ অহা নাই যদিও সামাজিক মাধ্যমত দুই, এটা বাসগৃহৰ কিছু ক্ষতি সাধন হোৱাৰ খবৰ বিয়পিছে। নেপালৰ স্থানীয় সময় অনুসৰি নিশা ২:৫১ বজাত অহা এই ভূমিকম্পই দেশখনৰ মধ্য আৰু পূব অংশক জোকাৰি গৈছে।
নেপালৰ ভূমিকম্প নিৰীক্ষণ আৰু গৱেষণা সংস্থাই জনোৱা মতে, এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.১।কিন্তু জাৰ্মান ৰিচাৰ্চ চেণ্টাৰ ফৰ জিঅ’ছায়েন্সেছে ইয়াৰ প্ৰাবল্য ৫.৬ বুলিহে প্ৰকাশ কৰিছে। ভাৰতৰ নেশ্যনেল চেইজম’লজি চেণ্টাৰ আৰু ইউনাইটেড ষ্টেটছ জিঅ’লজিকেল চাৰ্ভেৰ তথ্য অনুসৰি এই ভূমিকম্পৰ প্ৰাবল্য আকৌ ৫.৫।
CCTV footage of 5.5 Earthquake in Kodari, Nepal #भूकम्प#sismo#temblor#terremoto#Nepalpic.twitter.com/dVNcEYpI5k
— Disasters Daily (@DisastersAndI) February 27, 2025
স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, নেপাল-তিব্বত সীমান্তত আটাইতকৈ বেছি অনুভৱ কৰা হৈছে এই কঁপনি। বহু স্থানীয় বাসিন্দা আতংকিত হৈ ঘৰৰ পৰা মাজ নিশা ওলাই আহিল ৰাজপথ অথবা, সুৰক্ষিত স্থানলৈ। এতিয়ালৈকে এই ভূমিকম্পৰ পৰা কোনো ধৰণৰ ক্ষতিৰ খবৰ পোৱা নাই। অৱশ্যে স্থানীয় প্ৰশাসনে ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰি থকা বুলি জানিব পৰা গৈছে।
Heart breaking 💔 🥺 Bihar #earthquake I am scared right now 😦 #nepalpic.twitter.com/uP3pGsE1Lx
— Âzmi (@Azzm111) February 27, 2025
মন কৰিবলগীয়া যে, ইয়াৰ মাত্ৰ এদিন পূৰ্বে অসমতো নিশা ২.২৫ বজাত ৫.৩ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল। মৰিগাওঁ জিলা আছিল এই ভূমিকম্পৰ অভিকেন্দ্ৰ। তাৰো দুদিন পূৰ্বে দিনৰ ভাগত অনুভূত হৈছিল আন এটা মৃদু কম্পন।
উল্লেখ্য যে, নেপাল বিশ্বৰ অন্যতম ভূমিকম্প প্ৰৱণ দেশ হিচাপে পৰিগণিত হৈছে। ভৌগোলিকভাৱে দেশখন ‘ভূমিকম্পীয় অঞ্চল’ ৪ আৰু ৫ৰ ভিতৰত পৰে। ‘ভূমিকম্পীয় অঞ্চল’ ৫ ত পৰা এলেকা মানে তাত ভূমিকম্পৰ সম্ভাৱনা সৰ্বাধিক। কোনো অঞ্চলত ভূমিকম্পৰ সম্ভাৱনাৰ ওপৰত নিৰ্ভৰ কৰি এই মণ্ডলসমূহ বিভক্ত কৰা হয়।
Hey bhagwan fir se #earthquake
— कटाक्ष (@Kataksh__) February 28, 2025
Iss baar Nepal, Bihar ka area 😱
Need #DisasterManagement#Nepal#Bihar#Indiapic.twitter.com/db1d5cJc1o
২০১৫ চনত নেপালত ৭.৮ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত ৯ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছিল। তাৰ পাছতো যোৱা সময়ত ধাৰাবাহিকভাৱে নেপালত বহু কেইটা সৰু, বৰ ভূমিকম্প আহি আছে। ইয়াৰ প্ৰভাৱ পৰিছে চুবুৰীয়া ভাৰত, তিব্বত আদি দেশতো।