ইছৰ’ৰ সফলতাত নাছাৰ টুইট, একাংশৰ প্ৰতিক্ৰিয়া ব্যক্ত…

ইছৰ’ৰ সফলতাত নাছাৰ টুইট, একাংশৰ প্ৰতিক্ৰিয়া ব্যক্ত…

author-image
asomiyapratidin
New Update
ইছৰ’ৰ সফলতাত নাছাৰ টুইট, একাংশৰ প্ৰতিক্ৰিয়া ব্যক্ত…

ডিজিটেল ডেস্কঃ ভাৰতে প্ৰমাণ কৰিলে যে- বিশ্বৰ কোনো এখন দেশতকৈ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ভাৰত পিছ পৰি থকা নাই। ভাৰতীয় মহাকাশ গৱেষণাকাৰী সংগঠন চমুকৈ ইছৰ'ই সোমবাৰে শ্ৰীহৰিকোটাৰ পৰা সফলতাপূৰ্ণভাৱে চন্দ্ৰযান-২ নিক্ষেপ কৰে। এই মহাকাশযানখন ভাৰতৰ আটাইতকৈ শক্তিশালী জিএছএলবি মাৰ্ক-III ৰকেটেৰে নিক্ষেপ কৰা হৈছিল।

Advertisment

এই ৰকেটটোত তিনিটা মডিয়ুল অৰ্বিটৰ, লেণ্ডৰ (বিক্ৰম) আৰু ৰোৱৰ (প্ৰজ্ঞান) সংযুক্ত আছে। এই অভিযান অনুসৰি, ইছৰ'ই চন্দ্ৰৰ দক্ষিণ ধ্ৰুৱত লেণ্ডৰক অৱতৰণ কৰিব। তদুপৰি, চন্দ্ৰযান-২ৰ ওজন প্ৰায় ৩,৮৭৭ কিলোগ্ৰাম। অৰ্থাৎ ইছৰ'ৰ চন্দ্ৰযান-১ৰ ওজনতকৈ চন্দ্ৰযান-২ৰ ওজন প্ৰায় তিনি গুণ বেছি।


— NASA (@NASA) July 22, 2019

উল্লেখ্য যে, চন্দ্ৰযান-২ নিক্ষেপৰ লগতে আমেৰিকা, ৰাছিয়া, চীনৰ পাছত ভাৰতে চন্দ্ৰত ছফ্ট লেণ্ডিং কৰা বিশ্বৰ চতুৰ্থ দেশ হ'বলৈ আগবাঢ়িছে ভাৰত। ভাৰতৰ এই সফলতাৰ পাছত বিশ্ববাসীয়ে ইছৰ'ক জনাইছে শুভকামনা। লগতে আমেৰিকাৰ মহাকাশ গৱেষণাকাৰী সংস্থা নাছায়ো শুভকামনা জনায় ইছৰ'ক।


— NASA (@NASA) July 22, 2019

নাছাই টুইটাৰত লিখে যে- 'চন্দ্ৰৰ বিষয়ে অধ্যনয় কৰাৰ লক্ষ্যৰে চন্দ্ৰযান-২ক সফলতা নিক্ষেপ কৰাৰ বাবে শুভকামনা জনালো। আপোনালোকে চন্দ্ৰৰ দক্ষিণ ধ্ৰুৱৰ বিষয়ে যি অধ্যয়ন কৰিব তাক লৈ আমি উৎসাহী কিয়নো তাত আমিও অন্ট্ৰেমিছ মিছনৰ জৰিয়তে আগন্তুক সময়ত আমাৰ মহাকাশচাৰীক পঠিয়াম।'


— NASA (@NASA) July 22, 2019

অৱশ্যে নাছাৰ এই টুইটটোক লৈ সুখী নহয় একাংশ লোক।তেওঁলোকে নাছাৰ টুইটাৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি লিখে যে- 'এই টুইটোত নাছাৰঅহংকাৰ প্ৰতিফলিত হৈছে। য'ত নাছাই শুভেচ্ছা কম আৰু নিজৰ ক্ষমতা প্ৰদৰ্শন বেছিকৈকৰিছে।'