/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/01/safalota.jpg)
ডিজিটেল ডেস্কঃ আৰু ১৯দিনৰ পিছত মঙল গ্ৰহৰ আকাশত উৰিব 'ইনজেনুইটি' নামৰ এখন ক্ষুদ্ৰ হেলিকপ্টাৰ। এই হেলিকপ্টাৰখনৰ ওজন দুই কিঃগ্ৰাঃতকৈ কম। ৰঙাগ্ৰহটোলৈ এই হেলিকপ্টাৰখন কঢ়িয়াই নিছে নাছাৰ এখন মহাকাশযানে।
হেলকপ্টাৰখন কঢ়িয়াই নিয়া মহাকাশযানখন মঙলগ্ৰহৰ বুকুত উপস্থিত হব অহা ১৮ ফেব্ৰুৱাৰীত। ক্ষুদ্ৰ এই হেলিকপ্টাৰখনে এটা উৰনত ডেৰ মিনিটতকৈ মুঠ ৫বাৰ উৰিব। উৰনৰ সৰ্বাধিক উচ্চতা হব প্ৰায় ১০০ মিটাৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/t/mashable_in/photo/default/nasa-jpl-mars-helicopter-drone-bob-balaram_6yzz.960.jpg)
এতিয়া সাধাৰণ লোকৰ মাজত এটা প্ৰশ্ন উত্থাপন হব পাৰে যে, বায়ুহীন মঙল গ্ৰহত কেনেকৈ উৰিব এই ক্ষুদ্ৰ হেলিকপ্টাৰখন। উল্লেখ কৰা প্ৰয়োজন যে, মঙলৰ অতি পাতল বায়ুমণ্ডলত উৰিব পৰাকৈ এই ক্ষুদ্ৰ হেলিকপ্টাৰখন নিৰ্মাণ কৰা হৈছে।
গৌৰৱৰ কথা যে, এই হেলিকপ্টাৰ আৰু ইয়াৰ প্ৰযুক্তি উদ্ভাৱন কৰিছে ভাৰতীয় মূলৰ বিজ্ঞানী তথা নাছাৰ অভিযন্ত্ৰা জে বব বলৰাম। তেওঁৰ লগতে জড়িত হৈ আছে, অনুভৱ দত্ত আৰু সৌম্য দত্ত। এনে এক যুগান্তকাৰী পৰিকল্পনাৰ সৈতে জে জে বব বলৰামকে ধৰি বহুকেইজন ভাৰতীয় জড়িত হৈ থকা বিষয়টোৱে প্ৰতিজন ভাৰতবাসীক গৌৱাম্বিত কৰিছে।