৫০০ ডিগ্ৰী চেলছিয়াচ তাপমাত্ৰাত সূৰ্যৰ আটাইতকৈ ওচৰৰ পৰা ফটো প্ৰেৰণৰ উদ্দেশ্যেৰে নাছাৰ নতুন অভিযান…

৫০০ ডিগ্ৰী চেলছিয়াচ তাপমাত্ৰাত সূৰ্যৰ আটাইতকৈ ওচৰৰ পৰা ফটো প্ৰেৰণৰ উদ্দেশ্যেৰে নাছাৰ নতুন অভিযান…

author-image
asomiyapratidin
New Update
৫০০ ডিগ্ৰী চেলছিয়াচ তাপমাত্ৰাত সূৰ্যৰ আটাইতকৈ ওচৰৰ পৰা ফটো প্ৰেৰণৰ উদ্দেশ্যেৰে নাছাৰ নতুন অভিযান…

ডিজিটেল ডেস্কঃ আমাৰ সৌৰজগতত এনে বহু ৰহস্য লুকাই আছে যিবোৰৰ উত্তৰ বৈজ্ঞানিক সকলে বিচাৰি বিভিন্ন ধৰণৰ গৱেষণা অব্যাহত ৰাখিছে। একেলগে নাছা আৰু ইউৰোপিয়ান স্পেচ এজেন্সী চমুকৈ ইএছএ-য়ে দেওবাৰে নিশা 'ছোলাৰ অৰ্বিটাৰ' নামৰ এখন মহাকাশযান আমেৰিকাৰ কেপ কেনেৱেৰলৰ পৰা উৎক্ষেপন কৰে।

Advertisment

ভাৰতীয় মূল্য অনুসৰি প্ৰায় ১০,৭০৪হাজাৰ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এই মহাকাশযানখনে বৰ্তমানলৈ সূৰ্যৰ পৰা  আটাইতকৈ ওচৰৰ পৰা ফটো তুলি পৃথিৱীলৈ প্ৰেৰণকৰিব। 'ছোলাৰ অৰ্বিটাৰ' নামৰ মহাকাশযানখনে পঠিয়াব লগা এই ফটো সূৰ্যৰ পৰা প্ৰায় ৪.২কিলোমিটাৰ দূৰৈৰ পৰা তোলা হ'ব।

এই দূৰত্ব হয়তো বহু যেন লাগিলেওসূৰ্যৰ পৰা ৪.২ কিলোমিটাৰ দূৰত্বত তাপমাত্ৰা প্ৰায় ৫০০ ডিগ্ৰী চেলছিয়াচ। আৰু এইউচ্চ তাপমাত্ৰা সহ্য কৰিবৰ বাবে 'ছোলাৰ অৰ্বিটাৰ'ৰ নামৰ এই মহাকাশযানখনক বিশেষপ্ৰযুক্তি প্ৰণালীৰে নিৰ্মাণ কৰা হৈছে।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি,এই মহাকাশযানখনক উচ্চ তাপমাত্ৰাৰ পৰা সুৰক্ষিত ৰাখিবলৈ এক কৱচ লগোৱা হৈছে। যি কৱচপ্ৰকৃততে হাঁড় জ্বলোৱাৰ পাছত ৰৈ যোৱা অংশৰ এক প্ৰলেপেৰে নিৰ্মাণ কৰা হৈছে। ১৮০০কিলোগ্ৰাম ওজনৰ এই মহাকাশযানখনে বৈজ্ঞানিকসকলক সূৰ্যৰ সন্দৰ্ভত আৰু বহু নজনাৰহস্যৰ উত্তৰ বিচাৰি দিব বুলি আশাবাদী বৈজ্ঞানিকসকল।