/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/nadal.jpg)
ডিজিটেল ডেস্ক : ক্ৰৱেটিয়াৰ বোৰ্না কোৰিকৰ হাতত পৰাস্ত হৈ ৱেষ্টাৰ্ন আৰু চাউথাৰ্ন অপেনৰ দ্বিতীয় ৰাউণ্ডৰ পৰাই বাহিৰ হ'ব লগীয়া হয় ৰাফেল নাডাল। বৃহস্পতিবাৰে ৭-৬(৯), ৪-৬, ৬-৩ চেটত পৰাস্ত হৈ উভতিব লগা হয় খেলুৱৈজনে। ইয়াৰ সৈতেই বিশ্বৰ শীৰ্ষস্থান নিজৰ দখললৈ পুনৰ এবাৰ আজুৰি অনাত ব্যৰ্থ হয় নাডাল। অৱশ্যে, বৰ্তমান তিনি নম্বৰ স্থানত থকা খেলুৱৈজনে আগন্তুক ইউ এছ অপেনত শীৰ্ষলৈ যাবলৈ পুনৰ চেষ্টা কৰিব পাৰিব।
উল্লেখ্য যে, ক্ৰৱেটিয়ান বোৰ্না কোৰিকে এই বিজয়ৰ বাবে কৰিবলগীয়া হয় যথেষ্ট সংগ্ৰাম। প্ৰায় ২ ঘন্টা ৫১ মিনিট ধৰি যুজৰ অন্ততহে জয় লাভ কৰে কোৰিকে। আঘাটৰ বাবে প্ৰায় দুবছৰ পাছত প্ৰত্যাৱৰ্তন কৰা কৰিকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ আছিল এই খেলখন । আনহাতে, নাডালেও খেলখনৰ আৰম্ভণি শক্তিশালীভাৱে কৰিছিল যদিও কৰিকৰ পৰাক্ৰমৰ সমুখত হাৰ মানিব লগীয়া হয়।
আৰু পঢ়ক : জি এম ডি এৰ ৯৭ লাখটকীয়া পাৰ্কিঙত যান-বাহনৰ গৰাকীয়ে নাৰাখে গাড়ী…