ম্যানমাৰ ছাগাইঙিত জুণ্টা সেনা আৰু পিপলছ ডিফেন্স ফৰ্ছ মাজত হোৱা সংঘৰ্ষত ১০০ সেনা নিহত…

ম্যানমাৰ ছাগাইঙিত জুণ্টা সেনা আৰু পিপলছ ডিফেন্স ফৰ্ছ মাজত হোৱা সংঘৰ্ষত ১০০ সেনা নিহত…

ডিজিটেল সংবাদ, বেকাজানঃ চুবুৰীয়া দেশ ম্যানমাৰৰ নগা স্বশাসিত ছাগাইঙি আৰু শ্বিন প্ৰদেশত পিপলছ ডিফেন্স ফৰ্ছ আৰু জুণ্টা সেনাৰ মাজত হোৱা ভয়াবহ সংৰ্ঘষত প্ৰায় ১০০ জন ম্যানমাৰ সেনা নিহত হোৱাৰ লগত ৩০ গৰাকী আহত হোৱাৰ খবৰ আহিছে । মিজোৰামৰ সীমান্তৰ শ্বিন প্ৰদেশত আজি বিয়লি গাংগাও চহৰৰ মাগৱে অঞ্চলত নাগৰিক প্ৰতিৰোধী বাহিনীৰ। য়াও ডিফেন্স ফৰ্চৰ সৈতে হোৱা তুমুল সংঘৰ্ষত ৪০ গৰাকী ম্যানমাৰ সেনা নিহত হোৱাৰ লগতে আন ৩০ গৰাকী আহত হৈছে ।

ইফালে, ম্যানমাৰ নগা স্বশাসিত ছাগাইঙিৰ পেলে অঞ্চলত মংগলবাৰে পিপলছ ডিফেন্স ফৰ্ছ সৈতে হোৱা সংঘৰ্ষত ৬০ ম্যানমাৰ সেনা নিহত হৈছে । পুৱা ৭ বজাত ছাগাইঙিৰ নাগা -মা অঞ্চলত ৩৩ জন আৰু নট – হটাইক হোৱা ভীষণ যুদ্ধত ২৮ জন জুণ্টা সেনা নিহত । জানিব পৰামতে ম্যানমাৰ জুণ্টা সামৰিক বাহিনী চৰকাৰে ছাগাইঙি আৰু শ্বিন প্ৰদেশৰ য়াৱ আৰু মাগৱে অঞ্চললৈ প্ৰায় ৩০০ সেনাক অভিযান চলাবলৈ প্ৰেৰণ কৰিছিল ।

কিন্তু প্ৰদেশ দুখনৰ নাগৰিক প্ৰতিৰোধী বাহিনীৰ বিদ্ৰোহী পিপলছ ডিফেন্স ফৰ্চে হোৱা তুমুল সংৰ্ঘষত বিগত দুটা দিনত ১০০ জন জুণ্টা সেনা নিহত হয় । পিপলছ ডিফেন্স ফৰ্চে লেণ্ড মাইন বিস্ফোৰণ ম্যানমাৰ সেনাক আক্ৰমণ কৰাৰ ওপৰিও প্ৰতিৰোধী নাগৰিকে সেনাৰ তিনিখন বাহন জ্বলাই দিয়ে । উল্লেখযোগ্য ছাগাইঙি আৰু শ্বিন প্ৰদেশৰ হোৱা জুণ্টা সেনা বিদ্ৰোহী পিপলছ ডিফেন্স ফৰ্চ সংৰ্ঘষত অঞ্চলটোৰ ১৮০০ লোকে নিৰাপদ স্থানলৈ পলায়ন কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in