ম্যানমাৰত বিদ্ৰোহীৰ দুসপ্তাহৰ যুদ্ধ বিৰতিঃ সামৰিক শাসকৰ নাই সহাৰি, অব্যাহত আছে আক্ৰমণ

শুকুৰবাৰে অহা ৭.৭ প্ৰাবল্যৰ ভূমিকম্পই ম্যানমাৰত চলোৱা ধ্বংসলীলাত মৃতকৰ সংখ্যা ২০৫৬ গৰাকীলৈ বৃদ্ধি হৈছে। সামৰিক শাসক জুণ্টাই প্ৰকাশ কৰা মতে ৩৯০০ ৰো অধিক লোক আহত হৈছে।

author-image
Tushar Pratim
New Update
ম্যানমাৰত বিদ্ৰোহীৰ দুসপ্তাহৰ যুদ্ধ বিৰতিঃ সামৰিক শাসকৰ নাই সহাৰি, অব্যাহত আছে আক্ৰমণ

ডিজিটেল ডেস্কঃ  ২৮ মাৰ্চ, ২০২৫ শুকুৰবাৰে অহা ৭.৭ প্ৰাবল্যৰ ভূমিকম্পই চুবুৰীয়া ম্যানমাৰত চলোৱা ধ্বংসলীলাত মৃতকৰ সংখ্যা ২০৫৬ গৰাকীলৈ বৃদ্ধি পাইছে। দেশখনৰ সামৰিক শাসক জুণ্টাই প্ৰকাশ কৰা মতে ৩৯০০ ৰো অধিক লোক আহত হৈছে। এই পৰ্যন্ত নিৰুদ্দেশ হৈ আছে ২৭০ জন লোক।

Advertisment

ম্যানমাৰত অহা এই ভূমিকম্পৰ ফলত দেশখনৰ পৰিস্থিত অতি জটিল হৈ আছে। ২০২১ চনৰ পৰা গৃহ যুদ্ধৰ কৱলত থকা দেশখনত ভূমিকম্প অহাৰ সময়ছোৱাত ৬০ শতাংশতকৈ অধিক অঞ্চল সামৰিক শাসক জুণ্টাৰ বিৰোধী তথা বিদ্ৰোহীৰ দখলত আছিল। এই অঞ্চলসমূহত সামৰিক বাহিনীয়ে হেলকিপ্টাৰেৰে আক্ৰমণ অব্যাহত ৰাখিছিল।

দেশখনত ভূমিকম্পই সৃষ্টি কৰা এই অবৰ্ণনীয় পৰিবেশৰ পাছতেই বিদ্ৰোহী গোটসমূহে মানৱতাৰ পৰিচয় দাঙি ধৰি দেওবাৰৰ পৰা দুসপ্তাহৰ যুদ্ধ বিৰতি ঘোষণা কৰিছে যদিও সামৰিক জুণ্টা প্ৰশাসনৰ ফালৰ পৰা এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া অহা নাই। ইয়াৰ বিপৰীতে ভূমিকম্পৰ পাছৰ সময়ছোৱাতো বিদ্ৰোহীৰ দখলত থকা একাধিক অঞ্চলত সামৰিক বাহিনীয়ে যুদ্ধ বিমানেৰে আক্ৰমণ কৰা বুলিহে খবৰ প্ৰকাশ পাইছে।

ভূমিকম্পৰ ফলত খহি পৰা অট্টালিকা, বাসগৃহ, উপাসনা গৃহকে ধৰি অন্যান্য ক্ষয় ক্ষতিৰ মাজৰ পৰা উদ্ধাৰ অভিযান আজিও অব্যাহত আছে দেশখনত। ভাৰতকে ধৰি আন কেইবাখনো দেশে ম্যানমাৰৰ এই জটিল সন্ধিক্ষণত সহায়ৰ হাত আগবঢ়াইছে।

ফ্ৰান্স, ইউৰোপীয় ইউনিয়নে ম্যানমাৰলৈ প্ৰেৰণ কৰিছে সাহায্য। কিন্তু দেশখনত চলি থকা গৃহ যুদ্ধৰ বাবে বহু দেশে ভূমিকম্পত ক্ষতিগ্ৰস্ত এই দেশখনলৈ সহয়াৰ হাত আগবঢ়াবলৈ অনিচ্ছুক হৈ পৰিছে। ফলত ম্যানমাৰ অধিক ক্ষগিতগ্ৰস্ত হৈছে।

মন কৰিবলগীয়া যে, ভূমিকম্পৰ পাছতেই জুণ্টাই সকলো দেশৰ পৰাই সহায় বিচাৰিছিল। তেওঁৰ আহ্বানৰ প্ৰতি সহাৰি জনাইছে ভাৰত, চীন, ইউৰোপীয় ইউনিয়ন আদিয়ে। কিন্তু এই দেশখনৰ সামৰিক শাসকে ২০০৮ ৰ ঘূৰ্ণীবতাহ নাৰ্গিছে সৃষ্টি কৰা ধ্বংসলীলাৰ সময়ত বিদেশী সাহায্যক অস্বীকাৰ কৰাৰ লগতে বিদেশী উদ্ধাৰকাৰীক দেশখনত প্ৰবেশত বাধা দিছিল।

উল্লেখ্য যে, গৃহযুদ্ধত জৰ্জৰিত দেশখনত সামৰিক বাহিনীয়ে ইতিমধ্যে তেওঁলোকৰ নিয়ন্ত্ৰণৰ পৰা বাহিৰলৈ যোৱা অঞ্চলসমূহৰ প্ৰায় ৩০ লাখৰো অধিক লোকক সাহায্য প্ৰদানৰ ক্ষেত্ৰত বাধা আৰোপ কৰি ৰাখিছিল। বিদ্ৰোহীক দমন কৰাৰ বাবে সামৰিক বাহিনীয়ে যুদ্ধৰ এক কৌশলগত অংশ হিচাপে এই অঞ্চলসমূহৰ মানুহখিনিক খাদ্য, আৰু স্বাস্থ সম্পৰ্কীয় সাহায্যক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আহিছিল।

ভূমিকম্পৰ পাছত এতিয়া এই অঞ্চলৰ লোকসকলক সামৰিক জুণ্টাই সাহায্য আগবঢ়াইছে নে নাই সেয়া স্পষ্ট হোৱা নাই। কিন্তু বিদ্ৰোহীয়ে দুসপ্তাহৰ যুদ্ধ বিৰতি ঘোষণা কৰি এই অঞ্চলৰ লোকসকলেও যাতে পৰ্যাপ্ত সাহায্য লাভ কৰে তাৰ সেয়া নিশ্চিত কৰিব বিচাৰিছে।

বিদ্ৰোহীয়ে ৰাষ্ট্ৰসংঘ, আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থাসমূহৰ সৈতে সহযোগিতা কৰি ক্ষতিগ্ৰস্ত অঞ্চলসমূহত নিৰাপত্তা, পৰিবহণ, অস্থায়ী উদ্ধাৰ আৰু চিকিৎসা শিবিৰ স্থাপন নিশ্চিত কৰিবলৈ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে। কিন্তু সামৰিক শাসকগৰাকীয়ে এই যুদ্ধ বিৰতিৰ প্ৰতি কোনো আনুষ্ঠানিক সহাৰি এই পৰ্যন্ত নিদিয়াত বিষয়টো অধিক জটিল হৈ পৰিছে।

প্ৰকৃতিয়ে সৃষ্টি কৰা ধ্বংসলীলাৰ পাছতো ক্ষমতাৰ ৰাগীত অন্ধ হৈ থকা জুণ্টাই যদি সঁচাকৈয়ে ক্ষতিগ্ৰস্ত লোকসকলক মানৱীয় সাহায্যৰ পৰা বঞ্চিত কৰে তেন্তে জুণ্টাৰ পতনৰ বাহিৰে সেই দেশৰ লোকসকলৰ হাতত বিকল্প যে একো নাথাকিব সেয়া স্পষ্ট।  

 

ভূমিকম্প ম্যানমাৰ