ডিজিটেল ডেস্কঃ চুবুৰীয়া ম্যানমাৰৰ পৰিস্থিতি অধিক অৱনতি ঘটিছে। খবৰ অনুসৰি বাৰ্মিজ সেনাই সশস্ত্ৰ গোটৰ নিয়ন্ত্ৰণাধীন এখন গাঁৱত এয়াৰ ষ্ট্ৰাইক কৰাৰ ফলত গাওঁখনৰ ৪০ জনকৈ লোক নিহত হোৱাৰ লগতে ২০ জনকৈ লোক আহত হৈছে।
বাৰ্মিজ সেনাই বিমানৰ দ্বাৰা গাওঁখনত বোমা নিক্ষেপ কৰাৰ ফলত বহু ঘৰ জ্বলি ছায় হৈছে। জানিব পৰা মতে ম্যানমাৰৰ পশ্চিম ৰাখাইনত আৰাকান সেনাই নিয়ন্ত্ৰণ কৰা ৰামৰী দ্বীপৰ কিয়াউক নি মাও গাঁৱত বুধবাৰে বাৰ্মিজ সেনাই এই আক্ৰমণ কৰে।
অৱশ্যে আনুষ্ঠানিকভাৱে বাৰ্মিজ সেনাই এই অঞ্চলটোত আক্ৰমণ কৰাৰ কথা ঘোষণা কৰা নাই। এই অঞ্চলটোত বন্ধ কৰি থোৱা আছে ইণ্টাৰনেট সেৱাৰ লগতে মোবাইল সেৱাও।
উল্লেখ্য যে, ২০২১ চনৰ ফেব্ৰুৱাৰীত আং চান চ্যু কিৰ গণতান্ত্ৰিক ভাৱে নিৰ্বাচিত চৰকাৰক উৎখাত কৰাৰ সময়ত আৰম্ভ হৈছিল বিদ্ৰোহ। জনসাধাৰণে শান্তিপূৰ্ণ ভাৱে কৰা আন্দোলনক দমন কৰিবলৈ সামৰিক জুণ্টাই তেওঁৰ দ্বাৰা নিয়ন্ত্ৰিত সেনাৰ জৰিয়তে হিংসা বিয়পাই দিছিল।
সেনাৰ অমানৱীয় আক্ৰমণত বহু প্ৰতিবাদকাৰী মৃত্যু হৈছিল। তাৰ পাছৰে পৰাই ম্যানমাৰত সামৰিক জুণ্টাৰ বিৰুদ্ধে অস্ত্ৰ হাতত তুলি লৈছে বহুতেই। যোগ দিছে আৰাকান আৰ্মিত।
আৰাকান সেনাৰ মুখপাত্ৰ খাইং থুখাই এছ'চিয়েটেড সংবাদ মাধ্যমক জনোৱা অনুসৰি বুধবাৰে আবেলি এখন জেট ফাইটাৰে গাওঁখনত বোমা বিস্ফোৰণ কৰে। যাৰ ফলত ৪০ জন সাধাৰণ লোক নিহত হয় আৰু ২০ জনৰো অধিক লোক আহত হয়।
তেওঁ কয়, "মৃত লোকসকল সাধাৰণ নাগৰিক আছিল। মৃত আৰু আহতসকলৰ ভিতৰত মহিলা আৰু শিশুও আছে"। খাইং থুখাই লগতে কয় যে, বিমান আক্ৰমণৰ ফলত গাওঁখন জ্বলি উঠে। ফলত ৫০০ তকৈও অধিক ঘৰ ধ্বংস হৈছে। এটা দাতব্য সংস্থাই এই আক্ৰমণৰ সন্দৰ্ভতে প্ৰথমে সংবাদ মাধ্যমক অৱগত কৰিছিল।
ম্যানমাৰৰ সামৰিক চৰকাৰে বিগত তিনি বছৰত গণতন্ত্ৰ পন্থী সশস্ত্ৰ গোটসমূহৰ ওপৰত বিমান আক্ৰমণ বৃদ্ধি কৰিছে। দেশখনৰ সৰ্ববৃহৎ চহৰ য়াংগনৰ পৰা ৩৪০ কিলোমিটাৰ উত্তৰ-পশ্চিমত থকা ৰামৰীক যোৱা বছৰ মাৰ্চ মাহত আৰাকান সেনাই দখল কৰিছিল।
২০২৩ চনৰ নৱেম্বৰত আৰাকান সেনাই ৰাখাইনত আক্ৰমণ কৰি গুৰুত্বপূৰ্ণ আঞ্চলিক সেনাৰ মুখ্য কাৰ্যালয় আৰু ৰাখাইনৰ ১৭ খন নগৰৰ ১৪ খনেই নিজৰ নিয়ন্ত্ৰণলৈ আনে। কেৱল ৰাজ্যখনৰ ৰাজধানী চিটৱে আৰু ৰামৰিৰ ওচৰৰ দুখন গুৰুত্বপূৰ্ণ নগৰহে এতিয়া সামৰিক চৰকাৰৰ হাতত আছে।
ইফালে বুধবাৰৰ আক্ৰমণৰ পাছত যিসকল লোক আহত হৈছে তেওঁলোকৰ চিকিৎসাৰ বাবে ঔষধৰ যথেষ্ট অসুবিধা হৈছে। মন কৰিবলগীয়া যে, ৰাখাইনক পূৰ্বে আৰাকান বুলি জনা গৈছিল।
এই প্ৰদেশখনত ২০১৭ ত হোৱা সেনা আৰু বিদ্ৰোহীৰ সংঘাতৰ সময়তে প্ৰায় ৭,৪০,০০০ সংখ্যালঘু ৰহিংগীয়া মুছলমানে বাংলাদেশত প্ৰবেশ কৰিছিল।