মন্দিৰৰ ভিতৰত ওলাইছে হাজাৰ হাজাৰ ভেঁড়াৰ মাথা...

মন্দিৰৰ ভিতৰত ওলাইছে হাজাৰ হাজাৰ ভেঁড়াৰ মাথা...

author-image
Asomiya Pratidin
New Update
মন্দিৰৰ ভিতৰত ওলাইছে হাজাৰ হাজাৰ ভেঁড়াৰ মাথা...

মন্দিৰৰ ভিতৰত ওলাইছে হাজাৰ হাজাৰ ভেঁড়াৰ মাথা...

ডিজিটেল ডেস্কঃ মন্দিৰৰ ভিতৰত ২ হাজাৰৰো অধিক ভেঁড়াৰ মাথা। ৪ হাজাৰ বছৰো অধিক প্ৰাচীন এই ভেঁড়াৰ মাথাই এতিয়া বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। হাজাৰ হাজাৰ ভেঁড়াৰ মাথাৰ এই দৃশ্যই স্তম্ভিত কৰিছে বিজ্ঞানীসকলক।

Advertisment

মিছৰত উদ্ধাৰ হৈছে এই ৪ হাজাৰ বছৰ পুৰণি ভেঁড়াৰ মাথাসমূহ। বিজ্ঞানীসকলৰ মতে এই ভেঁড়াৰ মাথাসমূহ দ্বিতীয় ফাৰাও ৰামেচিছৰ সময়ৰ। সেই সময়ত মন্দিৰত এই ভেঁড়াসমূহ ৰামেচিছক সন্তুষ্ট কৰিবলৈ বলি দিয়া হৈছিল। 

কেৱল ভেঁড়ায়েই নহয় একেসময়তে ছাগলী, কুকুৰ, গৰু, বান্দৰ আদিও বলি দিয়াৰ নিয়ম আছিল। প্ৰত্নতাত্তিকবিদসকলৰ ধাৰণা অনুসৰি ফাৰাও ৰামেচিছক সন্তুষ্ট কৰি ৰাখিবলৈকে এইদৰে বলি দিয়া হৈছিল।

খিষ্ট্ৰপূৰ্ব ১৩০৪ ৰ পৰা ১২৩৭ পৰ্যন্ত ফাৰাও ৰামেচিছে ৰাজত্ব কৰা বুলি অনুমান কৰা হয়। মিছৰৰ অন্যতম গুৰুত্বপূৰ্ণ ফাৰাও আছিল তেওঁ। তেওঁৰ সময়তে প্ৰাচীন মিছৰৰ সমৃদ্ধি শিখৰত উপনীত হৈছিলগৈ।

তেওঁৰ মৃত্যুৰ পাছতো তেওঁ যাতে পৰলোকত গৈ জীৱিত থাকে তাৰ বাবেই ৰামেচিছৰ মন্দিৰত নানান ধৰণৰ উপহাৰ সামগ্ৰী দিয়াৰ নিদৰ্শন লাভ কৰিছিল প্ৰত্নতাত্তিকসকলে। বহু দামী অলংকাৰ, পোচাক আদি তাত ৰখাৰ নিয়ম আছিল।

কিন্তু ইমান বৃহৎ সংখ্যক ভেঁড়া বলি দিয়াৰ নিদৰ্শন ইয়াৰ পূৰ্বে ক'তো লাভ কৰা নাছিল। শেহতীয়াকৈ চলোৱা এক খনন কাৰ্যত এইসমূহ পোহৰলৈ আহিছে। প্ৰথম অৱস্থাত সকলোৰে ধাৰণা আছিল কোনো মহামাৰীৰ বাবে এই প্ৰাণীসমূহক এইদৰে একেলগে হত্যা কৰা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত বিজ্ঞানীসকল স্পষ্ট হয় যে, ইয়াৰ লগত কোনো মহামাৰীৰ সম্পৰ্ক নাই। ধৰ্মীয় কাৰণতেই এই ভেঁড়াসমূহক বলি দিয়া হৈছিল।

Also Read: হতাশাত ভূগিছে মোডী ! নিজ দলৰে সাংসদৰ দলক নিদিলে সাক্ষাৎ...