মাছুম বিল্লাহ, ঢাকাঃ পাকিস্তানৰ সৈতে সম্পৰ্ক অধিক ঘনিষ্ঠ কৰিবলৈ বিচাৰে বাংলাদেশে। দুয়োখন দেশৰ মাজত ব্যৱসায়, বাণিজ্য, ক্ৰীড়া আৰু সাংস্কৃতিক বিনিময় বৃদ্ধিৰ বাবে ঐক্যমতত উপনীত হৈছে ঢাকা আৰু ইছলামাবাদ। তাৰোপৰি ১৯৭১ চনৰ বিষয়সমূহো মীমাংসা কৰিবলৈ একমত হৈছে দুয়োখন দেশ।
বৃহস্পতিবাৰে মিছৰৰ ৰাজধানী কাইৰ’ চহৰত ডি-৮ সন্মিলনৰ মাজতে এক বৈঠকত এইসমূহ বিষয় লৈ আলোচনাত বহে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধান উপদেষ্টা অধ্যাপক মহম্মদ ইউনুছ আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ। এই আলোচনাতে দুয়ো ৰাষ্ট্ৰ নেতাই দেশ দুখনৰ মাজৰ সম্পৰ্ক ঘনিষ্ঠ কৰাত ঐক্যমতত উপনীত হৈছে।
বৈঠকত মহম্মদু ইউনুছে ১৯৭১ চনৰ বিষয়সমূহ নিস্পত্তি কৰাৰ আহ্বান জনায়। ইয়াৰ জৰিয়তে ঢাকা আৰু ইছলামাবাদৰ সম্পৰ্ক আগবাঢ়িব বুলিও তেওঁ আশা প্ৰকাশ কৰে। পাকিস্তানৰ প্ৰধানমন্ত্ৰীক উদ্দেশ্যি ইউনুছে কয়, ''এই সমস্যাসমূহ বাৰে বাৰে উত্থাপন হৈ আহিছে। আহক আমি এইসমূহ একেলগে মীমাংসা কৰো। যাতে আমি আগবাঢ়ি যাব পাৰো। ভৱিষ্যত প্ৰজন্মৰ বাবে এইসমূহ বিষয় সমাধান কৰা উচিত।''
ইয়াৰ উত্তৰত শ্বাহবাজ শ্বৰীফে কয়, ''১৯৭৪ চনৰ ত্ৰিপাক্ষীক চুক্তিৰ বাংলাদেশ, পাকিস্তান আৰু ভাৰতৰ মাজত বহু সমস্যা মীমাংসা কৰা হৈছে। যদি কোনো আন সমস্যা আছে তেনে সেই সমূহো আলোচনা কৰিবলৈ প্ৰস্তুত।'' ইউনুছৰ প্ৰধান প্ৰেছ উইংৰ দ্বাৰা প্ৰেৰিত এক সংবাদ বিজ্ঞপ্তিত এই বিষয়ে উল্লেখ কৰিছে।
বৈঠকত বাংলাদেশ-পাকিস্তানৰ মাজত দ্বিপাক্ষীক সম্পৰ্ক অধিক ঘনিষ্ঠ কৰাৰ লক্ষ্যৰে ব্যৱসায়, বাণিজ্য, ক্ৰীড়া আৰু সাংস্কৃতিক প্ৰতিনিধি দলৰ বিনিময় বৃদ্ধি কৰাৰ সন্দৰ্ভতো একমতত উপনীত হৈছে। শ্বাহবাজ শ্বৰীফে ঢাকা আৰু ইছলামাবাদৰ মাজত এক কৌশলগত সম্পৰ্ক গঢ়ি তোলাৰো আহ্বান জনাইছে।
তেওঁ কয়, ''আমি সঁচাই আমাৰ ভাতৃ দেশ বাংলাদেশৰ সৈতে আমাৰ সম্পৰ্ক ঘনিষ্ঠ কৰিবলৈ বিচাৰো।'' বৈঠকত দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থ জড়িত বিভিন্ন বিষয় লৈ আলোচনা কৰে। যাৰ ভিতৰত দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সংস্থা (ছাৰ্ক) পুনৰুজ্জীৱিত কৰা বিষয়টো আছিল অতি গুৰুত্বপূৰ্ণ।
অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধান হিচাপে দায়িত্ব লোৱাৰ পাছত ইউনুছে যি বিদেশনীতি ঘোষণা কৰিছে তাৰ ভিতৰত ছাৰ্ক পুনৰুজ্জীৱিত কৰাটো অন্যতম। ছাৰ্ক পুনৰুজ্জীৱিত কৰাৰ উদ্যোগৰ বিষয়টোত প্ৰশংসা কৰিছে পাকিস্তানৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।
এই বিষয়ত ইউনুছে কয়, ''এইটো এটা অগ্ৰাধিকাৰ বিষয়। আমি ছাৰ্কৰ ধাৰণাৰ ডাঙৰ সমৰ্থক। আমি এই বিষয়টোক লৈ বাৰে বাৰে মাত মাতি আহিছো। আমি বিচাৰো ছাৰ্কৰ এখন শীৰ্ষ সন্মিলন হওক। দৰকাৰ হলে এখন ফটোৰ বাবে হ’লেও হওক। কাৰণ ই এক শক্তিশালী বাৰ্তা বহন কৰে।''
বৈঠকত ইউনুছে তেওঁৰ চৰকাৰৰ প্ৰয়োজনীয় সংস্কাৰ কাৰ্যক্ৰম আৰু ২০২৬ চনৰ ভিতৰত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিকল্পনাৰ কথা উল্লেখ কৰিছে। বৈঠকত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে বাংলাদেশৰ চৰকাৰী চেনী কাৰখানাসমূহ কাৰ্যকৰী কৰাৰ বাবে প্ৰযুক্তিগত সমৰ্থনৰ প্ৰস্তাৱ আগবঢ়ায়।
তেওঁ ডেংগুৰ বিৰুদ্ধে যুঁজিবলৈ ঢাকাৰ সৈতে সহযোগিতা কৰাৰ প্ৰস্তাৱ দিয়ে। শ্বেহবাজ শ্বৰীফে বাংলাদেশত ডেংগুৰ ফলত হোৱা মৃত্যুৰ ঘটনাৰ শোক প্ৰকাশ কৰি কয় যে, ''ডেংগুৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত পাকিস্তানৰ অভিজ্ঞতাৰ পৰা ঢাকা লাভান্বিত হ'ব পাৰে। প্ৰায় এক দশক আগতে, পঞ্জাৱত ডেংগুৰ মোকাবিলা কৰাৰ বাবে আমাৰ প্ৰচেষ্টাক বিশ্বমানৰ বুলি প্ৰশংসা কৰা হৈছিল। আমি বাংলাদেশী বিষয়াসকলৰ সৈতে আমাৰ অভিজ্ঞতা বিনিময় কৰিবলৈ এটা প্ৰতিনিধি দল প্ৰেৰণ কৰিব পাৰোঁ।'’
ড০ ইউনুছে শ্বেহবাজ শ্বৰীফক তেওঁৰ এনে সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু আশা কৰে পাকিস্তান আৰু বাংলাদেশৰ এনে ঐক্যবদ্ধ প্ৰচেষ্টা অব্যাহত থাকিব।বৈঠকত বৈদেশিক মন্ত্ৰী ইছাক দাৰ আৰু মুখ্য উপদেষ্টাগৰাকীৰ বিশেষ দূত লুৎফে চিদ্দিকীৰ উপস্থিত আছিল।