ডিজিটেল ডেস্কঃ বাংলাদেশৰ হিন্দু ধৰ্মীয় নেতা চিন্ময়কৃষ্ণ দাসৰ গ্ৰেপ্তাৰ প্ৰায় ১০ দিন হ’বৰ হ’ল। এই দিন কেইটাত দেশখন তেওঁক গ্ৰেপ্তাৰক কেন্দ্ৰ কৰি উত্তপ্ত হৈ আছে। বৃদ্ধি পাইছে আভ্যন্তৰীণ অশান্তি। সমান্তৰালকৈ বৃদ্ধি হৈছে আন্তৰ্জাতিক চাপো।
নতুন দিল্লীৰ উপৰিও, ব্ৰিটেইন, আমেৰিকা আদিয়েও বাংলাদেশৰ হিন্দু নিৰ্যাতনক লৈ সৰৱ হৈছে। এনে পৰিস্থিতিত চিন্ময়কৃষ্ণ দাসৰ গ্ৰেপ্তাৰ আৰু সংখ্যালঘুৰ ওপৰত হোৱা নিৰ্যাতনৰ বিষয়ত প্ৰবল চাপত পৰিছে মহম্মদ ইউনুছৰ চৰকাৰ। এনে চাপত পৰিয়েই চিন্ময় কৃষ্ণ দাসৰ মুক্তিক লৈ সুৰ কিছু নৰম হৈছে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ।
কিন্তু সমস্যা হৈছে জামাত, হেফাজত আদিৰ দৰে মৌলবাদী সংগঠনৰ বাবে। এই মৌলবাদী সংগঠনসমূহৰ ওপচৰত মহম্মদ ইউনুছৰ চৰকাৰৰ হাত, ভৰি এনেদৰে বন্ধা যে তেওঁলোকৰ ইচ্ছা অবিহনে চৰকাৰে ইচ্ছা কৰিলেও চিন্ময় কৃষ্ণ দাসক মুক্তি দিবলৈ নোৱাৰে।
চিন্ময় কৃষ্ণ দাসৰ গ্ৰেপ্তাৰক লৈ ইউনুছ চৰকাৰ ইতিমধ্যে আন্তৰ্জাতিক সম্প্ৰদায়ৰ চাপত আছিল। মঙলবাৰে এই চাপ অধিক বৃদ্ধি হয়। মঙ্গলবাৰে আছিল চিন্ময়ৰ জামিন আবেদনৰ শুনানি। কিন্তু তেওঁৰ হৈ আদালতত যুক্তি দিবলৈ উপস্থিত নাছিল এজনো অধিবক্তা।
অভিযোগ অনুসৰি চিন্ময়ৰ উকীলসকলো নিৰ্যাতনৰ সন্মুখীন হৈছে। তেওঁলোকে যাতে চিন্ময়ক আইনী সাহায্য নাপায় দিব নোৱাৰে তাৰ বাবেই এনে কৰা হৈছে। বহুতো হিন্দু অধিবক্তাৰ ওপৰত মিছাকৈ গোচৰ জাপি দিয়া হৈছে। এনে অভিযোগে বাংলাদেশ চৰকাৰৰ ওপৰত আন্তৰ্জাতিক চাপ বৃদ্ধি কৰিছে।
দেশখনৰ এনে পৰিস্থিতিৰ মাজতেই ভাৰতীয় বৈদেশিক সচিব বিক্ৰম মিস্ত্ৰীয়ে অহা ১০ ডিচেম্বৰত ঢাকা ভ্ৰমণ কৰাৰ কথা। দেশখনৰ ভিতৰতো চৰকাৰ যথেষ্ট চাপত আছে। সংখ্যালঘু হিন্দুসকলে ৰাজপথত প্ৰতিবাদ কৰিছে। সেয়ে অন্তৱৰ্তীকালীন চৰকাৰে ইংগিত দিছে চিন্ময়ক মুকলি কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ।
খবৰ অনুসৰি অন্তৱৰ্তীকালীন চৰকাৰে বুধবাৰে সকলো ৰাজনৈতিক দলৰ নেতাৰ সৈতে এই বিষয়ত আলোচনাত বহাৰ কথা। এই বৈঠকতে চিন্ময় সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। শুকুৰবাৰে, বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ সমন্বয়কসকলে দেশৰ ধৰ্মীয় নেতাসকলকো সাক্ষাৎ কৰিব।
অৰ্থাৎ, মহম্মদ ইউনুছে চিন্ময় কৃষ্ণ দাসৰ মুক্তিৰ বাবে চূড়ান্ত সিদ্ধান্ত ল'বলৈ হেফাজত, জামাতৰ দৰে ধৰ্মীয় মৌলবাদী সংগঠনৰ পৰা অনুমতি ল'ব লাগিব। সকলো প্ৰশাসনিক ক্ষমতা থকা স্বত্বেও, মহম্মদ ইউনুছে চিন্ময়ৰ মুক্তিৰ বিষয়ে এককভাৱে সিদ্ধান্ত ল’ব পৰা অৱস্থাত নাই।
এই মুহূৰ্তত চূড়ান্ত সত্য এয়াই যে, ইউনুছ চৰকাৰে চিন্ময়ৰ মুক্তিৰ বাবে যিসমূহ সংগঠনৰ পৰামৰ্শ ল'ব বিচাৰিছে, সেই সমূহ সংগঠনেই চিন্ময়ৰ মুক্তিৰ তীব্ৰ বিৰোধিতা কৰিছে। বাংলাদেশত ইছকনক নিষিদ্ধ কৰাৰ দাবীত সৰ্বাধিক সোচ্চাৰ হৈছে জামাত আৰু হেফাজত।
দেশখনত এই দুই মৌলবাদী সংগঠনে ইছলামাবাদৰ সহায়ত হিন্দু বিদ্বেষৰ সৃষ্টি কৰাত নামি পৰিছে। আনকি ইউনুছে আলোচনা কৰিব বিচৰা ৰাজনৈতিক দলসমূহৰ মাজৰ এজন বি এন পিয়েও ইছকনৰ ওপৰত নিষেধাজ্ঞাৰ দাবী জনাইছে। অথচ এইসকলৰ পৰাই এতিয়া পৰামৰ্শ বিচাৰিছে নোবেল বিজয়ী প্ৰধানমন্ত্ৰীগৰাকীয়ে।