ডিজিটেল ডেস্কঃ অস্থিৰ ৰাজনৈতিক, সামাজিক পৰিস্থিতিত ভাৰাক্ৰান্ত বাংলাদেশ। অৰ্থনৈতিক ভাৱেও বিপৰ্যস্ত এই দেশখনে সৌসিদিনা লাভ কৰিলে তথাকথিত 'স্বাধীনতা'!
সংৰক্ষণ বিৰোধী ছাত্ৰ আন্দোলনৰ মাজতে যোৱা আগষ্ট মাহত তদানীন্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই দেশ এৰি পলায়ন কৰাৰ লগে লগেই ভংগ হ'ল গণতান্ত্ৰিকভাৱে নিৰ্বাচিত আৱামী লীগৰ চৰকাৰ। লগে লগে ছাত্ৰ আন্দোলনৰ নেতৃত্বই ঘোষণা কৰিলে 'স্বাধীন' হ'ল বাংলাদেশ।
তাৰ ঠিক কিছু দিনৰ পাছতেই নোৱেল বিজয়ী অৰ্থনীতিবিদ মহম্মদ ইউনুছৰ নেতৃত্বত গঠন হৈছিল অন্তৱৰ্তীকালীন চৰকাৰ। এই চৰকাৰৰ প্ৰধান কাম যদিও বিধ্বস্ত হোৱা দেশখনক পুনৰ নিৰ্মাণ কৰাটো মূল উদ্দেশ্য হ’ব লাগিছিল তাৰ বিপৰীতে এতিয়া যেন সাম্প্ৰদায়িক শক্তি আৰু জেহাডী সংগঠনক সন্তুষ্ট কৰাই মূল কাম হৈ পৰিছে মহম্মদ ইউনুছৰ।
অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ পাছৰ পৰাই বাংলাদেশত এটাৰ পাছত এটাকৈ ভাৰত বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰি অহা হৈছে। হিন্দু ধৰ্মীয় নেতা, তেওঁৰ অধিবক্তাক কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে। যিয়েই তেওঁলোকৰ হৈ ন্যায়ালয়ত যুঁজ দিবলৈ আহিছে তেওঁৰ বিৰুদ্ধেই ভুৱা অভিযোগ দাখিল কৰা হৈছে।
এই চৰকাৰৰ পৃষ্ঠপোষকতাতে একাংশ আন্দোলনকাৰীয়ে ভাৰতক ৰঙা চকু দেখুৱাই আহিছে। অসম আৰু পশ্চিমবংগক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ হুংকাৰ দিছে। এই চৰকাৰৰ নাকৰ তলত থাকিয়েই বাংলাদেশ সেনাৰ বিষয়াই যুদ্ধৰো হুংকাৰ দিছে।
এইসমূহ ঘটনাক সাধাৰণ ভাৱে ল’ব পাৰিলেও শেহতীয়াকৈ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে কৰা এক মন্তব্যই কিন্তু বিশেষ তাৎপৰ্য বহন কৰিছে। কিছু দিনৰ আগলৈকে উন্নয়নৰ দিশে অগ্ৰসৰ হোৱা এই দেশখন বৰ্তমান বিধ্বস্ত হৈ পৰাৰ সময়তে ইউনুছে দেশৰ সেনা বাহিনীক যুদ্ধৰ বাবে সাজু থাকিবলৈ আহ্বান জনাইছে।
দেওবাৰে বাংলাদেশৰ সেনা বাহিনীৰ প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামান, বায়ু সেনাৰ প্ৰধান এয়াৰ চীফ মাৰ্শ্বেল হাছান মাহমুদ খান আৰু নৌসেনাৰ প্ৰধান এডমিৰেল এম নাজমুল হাছানৰ উপস্থিতিত ৰাজবাৰী সামৰিক প্ৰশিক্ষণ অঞ্চলত ৫৫ সংখ্যক পদাতিক ডিভিজনৰ দ্বাৰ আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল মহম্মদ ইউনুছে।
এই অনুষ্ঠানতে তেওঁ সেনা বাহিনীক যুদ্ধৰ বাবে সকলো সময়তে সাজু থাকিবলৈ আহ্বান জনাইছে। তেওঁ কয়, ''যুদ্ধ জয়ৰ বাবে প্ৰস্তুতি অতি গুৰুত্বপূৰ্ণ। খেলৰ ক্ষেত্ৰত যিদৰে অধিক অনুশীলন কৰা দল বা অধিক পৰিশ্ৰম কৰা খেলুৱৈৰ জয়ৰ সম্ভাৱনা অধিক, ঠিক সেইদৰে যুদ্ধৰ ক্ষেত্ৰতো একেই নীতি প্ৰযোজ্য।''
বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টাগৰাকীয়ে আৰু কয়, ''সামৰিক অনুশীলন আয়োজন কৰাৰ বাবে যথেষ্ট পৰিশ্ৰম, পৰিকল্পনা আৰু সমন্বয়ৰ প্ৰয়োজন। এই অনুশীলন দেখি মই বুজি পাইছো যে ৫৫ পদাতিক ডিভিজনৰ সকলো সদস্যই অক্লান্ত পৰিশ্ৰম কৰিছে। ''
মহম্মদ ইউনুছৰ এই ভাষ্য কেইবাটাও কাৰণত গুৰুত্বপূৰ্ণ। শেহতীয়াকৈ বাংলাদেশত ভাৰত বিৰোধী শক্তি শক্তিশালী হৈ উঠিছে। চুবুৰীয়া পাকিস্তান বাংলাদেশৰ ঘনিষ্ঠ হৈ পৰিছে। দুয়ো দেশৰ মাজৰ সম্পৰ্ক উন্নতি কৰিবলৈ ইউনুছ আৰু শ্বেহবাজ শ্বৰিফৰ মাজত আনুষ্ঠানিক বৈঠক সম্পন্ন হৈছে।
বাংলাদেশত পুনৰ শক্তিশালী হৈ উঠিছে জেহাদী চক্ৰ। দেশখনৰ সেনা বাহিনীৰ একাংশ বিষয়াই ভাৰতৰ বিৰুদ্ধে আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰিছে। দেশখনৰ ন্যায়ালয়ে দুবাৰকৈ ভাৰতত আশ্ৰয় লৈ থকা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে।
দেশখনৰ দিল্লীস্থিত উচ্চায়ুক্তই শ্বেইখ হাছিনাক প্ৰত্যাৰ্পণৰ বাবে টোকা প্ৰেৰণ কৰিছে। ভাৰতে এই বিষয়টোত যদিও গুৰুত্ব দিয়া নাই তথাপিও বাংলাদেশৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে।
এনে পৰিস্থিতিত স্বয়ং অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বীয়ে যুদ্ধৰ বাবে সাজু হ’বলৈ আহ্বান জনাইছে সেনা বাহিনীক। ই নিশ্চয়কৈ ভাৰতৰ বাবে এক চিন্তনীয় বিষয়।
ইফালে মহম্মদ ইউনুছে দায়িত্ব গ্ৰহণৰ পাছতেই দেশখনত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ এক পৰিবেশ গঢ়ি তোলাৰ প্ৰস্তুতি চলাব বুলি কথা দিছিল যদিও তেওঁ সেই সন্দৰ্ভত কোনো তৎপৰতা দেখুওৱা পৰিলক্ষিত হোৱা নাই। তাৰ পৰিবৰ্তে তেওঁ কেৱল মৌলবাদী শক্তিক সন্তুষ্ট কৰিব পৰা কেতবোৰ সিদ্ধান্ত লোৱাৰ লগতে বংগবন্ধু শ্বেইখ মজিবুৰ ৰহমানৰ স্মৃতি কাললৈ মছি পেলোৱাৰ চেষ্টাত ব্ৰতী হোৱা হে পৰিলক্ষিত হৈছে।