![হিন্দু, বৌদ্ধ, খ্ৰীষ্টান ধৰ্মীয় নেতাৰ সৈতে বৈঠক মহম্মদ ইউনুছৰ](https://img-cdn.thepublive.com/fit-in/1280x960/filters:format(webp)/asomiyapratidin/media/media_files/2024/12/05/XEqqH6UXXGx1lf1Rtm8H.jpg)
মাছুম বিল্লাহ, ঢাকা: ‘ধৰ্ম, জাতি আৰু মতামতৰ পাৰ্থক্য থকা স্বত্বেও বাংলাদেশৰ সকলো লোক একেটা পৰিয়ালৰ সদস্য।’- এই মন্তব্য অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ।
প্ৰধানমন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে আবেলি ৰাজধানীৰ বৈদেশিক সেৱা একাডেমীত হিন্দু, বৌদ্ধ, খ্ৰীষ্টান আৰু মুছলমানকে ধৰি বিভিন্ন ধৰ্মৰ নেতাসকলৰ সৈতে এক বৈঠকত তেওঁৰ ভাষণত এইদৰে কয়। ইউনুছে কয়, "আমাৰ বিভিন্ন মতামত, বিভিন্ন ধৰ্ম, বহুতো ৰীতি-নীতি থাকিব পাৰে, কিন্তু আমি সকলোৱে একেটা পৰিয়ালৰ সদস্য।''
তেওঁ কয়, ''মই এই কথাৰ ওপৰতে গুৰুত্ব দিছো। আমাৰ পাৰ্থক্য থকা স্বত্বেও, আমি ইজনে সিজনৰ শত্ৰু নহয়। যেতিয়া আমাৰ ৰাষ্ট্ৰীয়তা, পৰিচয়ৰ কথা আহে, আমি একেটা স্থানতে উপনীত হওঁ- আমি বাংলাদেশী, এটা পৰিয়ালৰ সদস্য।''
মুখ্য উপদেষ্টাগৰাকীয়ে আৰু কয়, ''শপত লোৱাৰ পিছতে মই শুনিবলৈ পাইছিলো যে সংখ্যালঘুসকলক অত্যাচাৰ কৰা হৈছে। এই খবৰত মই বিচলিত হৈছিলো। সেয়ে তাৰ পিছত মই ঢাকেশ্বৰী মন্দিৰলৈ গৈছিলো। মই তাতো কৈছিলো যে আমি একেটা পৰিয়ালৰ অংশ।''
"সকলো দাবীক বাদি দিওঁ আমাৰ এটা দাবী স্পষ্ট যে, আমাৰ সকলোৰে সমান অধিকাৰ আছে। কথা কোৱাৰ অধিকাৰ আছে। ধৰ্মৰ অধিকাৰ আছে। কাম কৰাৰ অধিকাৰ আছে। এয়া সংবিধানে দিয়া অধিকাৰ। এজন নাগৰিক হিচাপে যি প্ৰাপ্য সেয়া নিশ্চিত কৰাটো ৰাষ্ট্ৰৰ দায়িত্ব।''
অধ্যাপক ইউনুছে আৰু কয়, "মই শুনিছো সংখ্যালঘুসকলক এতিয়াও আক্ৰমণ কৰা হৈছে। গতিকে মই সকলোৰে সৈতে বহিছো কেনেকৈ ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰি।''
বাংলাদেশৰ মুখ্য উপদেষ্টাজনে দুৰ্গা পূজাৰ সময়ত চৰকাৰে গ্ৰহণ কৰা নিৰাপত্তাৰ পদক্ষেপৰ বিষয়েও উল্লেখ কৰে। তেওঁ কয়, "দুৰ্গা পূজা এক সম্পূৰ্ণ ৰাষ্ট্ৰীয় উৎসৱ হৈ পৰিছে। সেয়ে মই সন্তুষ্ট হৈছো। আমি যে অলপ কাম কৰিব পাৰিছো তাত পতিয়ন গৈছো।''
দেশখনৰ সকলোকে ভুৱা খবৰ আৰু তথ্যৰ ওপৰত সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাই তেওঁ কয়, "এতিয়া নতুন শব্দৰে আক্ৰমণ কৰা হৈছে, অত্যাচাৰ আৰম্ভ হৈছে। দেশত কি হৈ আছে জানিবলৈ চেষ্টা কৰি আছো। সকলো ঠাইতে তেনে হোৱা নাই। তথ্যত এক বৃহৎ বিভ্ৰান্তি আছে। এয়া সঠিক নহয়। ইয়াৰ অন্ত পৰিব লাগিব।''
তেওঁ কয়, "আমাৰ লক্ষ্যত কোনো পাৰ্থক্য নাই। আমি সঠিক তথ্য কেনেদৰে পাব পাৰি সেয়া জানিব লাগিব। যেতিয়া তথ্যগত কথা আহে, চৰকাৰী তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ প্ৰায়ে কোনো অৰ্থ নাই। কিয়নো কৰ্তাই কি বিচাৰে, তেওঁলোকে সেয়াই কয়। আমি প্ৰকৃত বাতৰিটো জানিব বিচাৰো। মই সেই প্ৰক্ৰিয়াক প্ৰতিষ্ঠা কৰিব বিচাৰো। ইমান ডাঙৰ দেশত যিকোনো ঘটনা ঘটিব পাৰে। মই প্ৰকৃত তথ্যবোৰহে জানিব বিচাৰো। তাৎক্ষণিক ভাৱে বাতৰি পালে সমস্যা সমাধান কৰিব পাৰি। যিফালৰে নহওক দোষী দোষীয়েই। তেওঁক বিচাৰৰ আওঁতালৈ অনাটো চৰকাৰৰ দায়িত্ব।''
ড০ ইউনুছে কয়, প্ৰথম কথাটো হ'ল এনে ঘটনা নঘটিবলৈ এক পৰিৱেশ সৃষ্টি কৰা। তেনে পৰিবেশৰ বাবে তাৎক্ষণিক প্ৰতিকাৰৰ ব্যৱস্থা কৰিব লাগিব। মই যিবোৰ কৈছে সেয়াই দেশৰ বেছিভাগ মানুহে ভাবে। আমি সামগ্ৰিকভাৱে এটা পৰিয়াল হিচাপে আমাৰ দায়িত্ব পালন কৰিব পাৰোঁ।
তেওঁ কয়, "মই তথ্য পাইছো কিন্তু মই প্ৰতিকাৰ পোৱা নাই। সমস্যা এটা হোৱাৰ পিছত, ইয়াক সমাধান কৰিব লাগিব। আজিৰ আলোচনা সকলোৰে বাবে মুকলি। আমি সকলোৱে আলোচনা কৰিম। আমাৰ লক্ষ্যত কোনো বাধা নাই।''
মুখ্য উপদেষ্টাজনে কয়, ''আমি এনে এখন বাংলাদেশ গঢ়িব বিচাৰো। ইয়াক নাম দিছো নতুন বাংলাদেশ। তেওঁ ধৰ্মীয় নেতাসকলৰ পৰা সংখ্যালঘু বিষয়ত কেনেদৰে তথ্য সংগ্ৰহ কৰিব পাৰি সেই বিষয়ে পৰামৰ্শ বিচাৰে।'' সঠিক তথ্য সংগ্ৰহৰ ক্ষেত্ৰত তথ্য যোগানকাৰী যাতে বিপদত নপৰে তাৰ প্ৰতিও লক্ষ্য ৰখাৰ কথা কয় ইউনুছে।