টকিঅ’ অলিম্পিকত মীৰা বাঈ চানুৰ ৰূপৰ পদক..

টকিঅ’ অলিম্পিকত মীৰা বাঈ চানুৰ ৰূপৰ পদক..

author-image
asomiyapratidin
New Update
টকিঅ অলিম্পিকত ভাৰতৰ খেলুৱৈৰ জয়যাত্ৰা অব্যাহত…

ডিজিটেল ডেস্কঃ টকিঅ' অলিম্পিকত ভাৰতৰ প্ৰথমটো পদক। উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰৰ মীৰা বাঈ চানুৱে লাভ কৰিছে ৰূপৰ পদক। প্ৰতযোগিতাৰ চূড়ান্ত খেল খনত মীৰা বাঈ চানুৱে ৪৯ কেজি শাখাত এই সফলতা লাভ কৰিছে।

Advertisment

ভাৰত্তোলনত মীৰা বাঈয়ে স্নেনছত ৮৭ কেজি আৰু ক্লিন এণ্ড জাৰ্কত ১১৫ কেজি দাঙিবলৈ সক্ষম হয়। দুয়োটা মিলি মীৰা বাঈৰ মুঠ ওজন হয় ২০২ কেজি।

আনহাতে চীনৰ জিহুইৰ হাউৱে শ্নেনছ আৰু ক্লিন এণ্ড জাৰ্কত মিলাই ২১০ কেজি দাঙিবলৈ সক্ষম হৈছে। যাৰ বাবে তেওঁ স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

ইফালে ব্ৰঞ্জৰ পদক লাভ কৰিছে ইণ্ডোনেছিয়াৰ কেণ্টিকা এইছাহে। তেওঁ ক্লিন এণ্ড জাৰ্কত মিলাই ১৯৪ কেজি দাঙিবলৈ সক্ষম হৈছে।