Power outage in Spain and Portugal: এসপ্তাহলৈ অন্ধকাৰত থাকিব লাগিব স্পেইন আৰু পৰ্তুগাল !

ভয়ংকৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে স্পেইন আৰু পৰ্তুগাল। ইউৰোপীয় এই দেশ দুখনত ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান ব্যৱস্থা। ফলত সাধাৰণ নাগৰিকৰ জীৱন দুৰ্বিসহ হৈ পৰাৰ খবৰ পোৱা গৈছে। 

author-image
Tushar Pratim
New Update
Power outage Spain and Portugal:  এসপ্তাহলৈ অন্ধকাৰত থাকিব লাগিব স্পেইন আৰু পৰ্তুগাল !

ডিজিটেল ডেস্কঃ ভয়ংকৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে স্পেইন আৰু পৰ্তুগাল। ইউৰোপীয় এই দেশ দুখনৰ বৃহৎ অঞ্চলত ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান ব্যৱস্থা। যাৰ ফলত সাধাৰণ নাগৰিকৰ জীৱন দুৰ্বিসহ হৈ পৰাৰ খবৰ পোৱা গৈছে। 

Advertisment

বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰাৰ ফলত দুয়োখন দেশৰ বিমান চলাচল, মেট্ৰ’ সেৱা, ৰে’ল সেৱাও প্ৰভাৱিত হৈছে।পৰ্তুগীজ বিমান সংস্থা টেপ এয়াৰে তেওঁলোকৰ যাত্ৰীসকলক পৰৱৰ্তী জাননী নিদিয়ালৈকে বিমানবন্দৰলৈ নাযাবলৈ আহ্বান জনাইছে।

স্পেইনৰ বিদ্যুৎ কোম্পানী ৰেড ইলেক্ট্ৰিকাই সমগ্ৰ দেশতে বিদ্যুৎ বন্ধ হোৱা বুলি প্ৰকাশ কৰিছে। অৱশ্যে এতিয়ালৈকে এই ব্লেকআউটৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। ইফালে দুয়োখন দেশত হঠাৎ সৃষ্টি হোৱা এই বিদ্যুৎ সংকটৰ আঁৰত বহুতেই চাইবৰা অপৰাধ জনিত কাৰণ জড়িত হৈ আছে বুলি সন্দেহ কৰিছে যদিও এই আশংকাক নস্যাৎ কৰিছে চৰ্তুগালে। 

পৰ্তুগাল আৰু স্পেইনত বিদ্যুৎ যোগান ব্যাহত হোৱাৰ আঁৰত কোনো ধৰণৰ চাইবাৰ আক্ৰমণৰ ইংগিত পোৱা নাই বুলি পৰ্তুগীজৰ প্ৰধানমন্ত্ৰী লুইছ মণ্টেনেগ্ৰোৱে উল্লেখ কৰিছে।ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত বিদ্যুৎ কোম্পানী ৰেড ইলেক্ট্ৰিকাই জনোৱা অনুসৰি যিমান পাৰি সোনকালে এই সমস্যা সমাধানৰ বাবে চেষ্টা চলোৱা হৈছে। 

কোম্পানীটোৱে শেহতীয়া এক বিবৃতিত প্ৰকাশ কৰিছে যে বিদ্যুৎ যোগান ক্ৰমান্বয়ে উন্নত হ’ব। ফ্ৰান্সৰ এটা কোম্পানী আৰ টি ইয়ে স্পেইনত বিদ্যুৎ যোগান পুনৰ সক্ৰিয় কৰাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াইছে। কোম্পানীটোৱে কয় যে ইয়াৰ ফলত এতিয়ালৈকে ফ্ৰান্সত কোনো প্ৰভাৱ পৰা নাই।

ইফালে ইউক্ৰেইনো এই দুয়োখন দেশৰ এই বিপৰ্যয়ৰ সময়ত সহায়ৰ বাবে আগবাঢ়ি আহিছে। বিদ্যুৎ যোগান এইদৰে হঠাৎ ব্যাহত হৈ পৰাৰ ফলতে স্পেইনত অনুষ্ঠিত হ’বলগীয়া মাদ্ৰিদ অ’পেন টেনিছ প্ৰতিযোগিতাও স্থগিত ৰখা হৈছে। 

সংবাদ সংস্থা ৰয়টাৰৰ মতে, বিদ্যুৎ কৰ্তনৰ বাবে পৰ্তুগালৰ পৰিস্থিতিও বেয়া। দেশখনৰ সকলো ট্ৰেফিক লাইট বন্ধ কৰি দিয়া হৈছে। লিছবন আৰু পৰ্টো চহৰত মেট্ৰ’ সেৱা বন্ধ হৈ পৰিছে। জানিব পৰা মতে দুয়োখন দেশৰ এই বিদ্যুৎ সমস্যা সমাধানৰ বাবে অতি কমেও এসপ্তাহ সময়ৰ প্ৰয়োজন হ’ব।

পৰ্তুগালৰ শক্তি কোম্পানী ৰেড ইলেক্ট্ৰিকা নেচনেলে স্পষ্ট কৰিছে বিদ্যুৎ ব্যৱস্থা সম্পূৰ্ণৰূপে পুনৰুদ্ধাৰ কৰিবলৈ এসপ্তাহৰ সময় লাগিব। ইয়াৰ পূৰ্বে স্পেইনৰ বিদ্যুৎ বিভাগৰ ফালৰ পৰা অৱশ্যে জনাইছিল যে বিদ্যুৎ যোগান পুনৰ ঘূৰাই আনিবলৈ ছয়ৰ পৰা দহ ঘণ্টা সময় লাগিব পাৰে।

স্পেইনৰ বিদ্যুৎ কোম্পানী ৰেড ইলেক্ট্ৰিকাই বিদ্যুৎ পুনৰুদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। স্পেইনৰ এই সংকটৰ বাবেই দেশখনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে এক গুৰুত্বপূৰ্ণ বৈঠকত বহিছে। বিদ্যুতৰ এই সংকটৰ বাবে ইণ্টাৰনেট সেৱাও প্ৰভাৱিত হৈছে।

 

portugal spain