লাহোৰ বিমান বন্দৰত ভয়াৱহ অগ্নিকাণ্ডঃ বাতিল সকলো বিমানৰ উৰণ, হাহাকাৰ পৰিস্থিতি...

শনিবাৰে ভয়ংকৰ অগ্নিকাণ্ডৰ সন্মুখীন হৈছে পাকিস্তানৰ লাহোৰ বিমান বন্দৰ। এই অগ্নিকাণ্ডৰ পাছতে লাহোৰ বিমান বন্দৰৰ পৰা সকলো বিমান উৰণ বাতিল কৰা হৈছে। 

author-image
Tushar Pratim
New Update
লাহোৰ বিমান বন্দৰত ভয়াৱহ অগ্নিকাণ্ডঃ বাতিল সকলো বিমানৰ উৰণ, হাহাকাৰ পৰিস্থিতি...

ডিজিটেল ডেস্কঃ শনিবাৰে ভয়ংকৰ অগ্নিকাণ্ডৰ সন্মুখীন হৈছে পাকিস্তানৰ লাহোৰ বিমান বন্দৰ। এই অগ্নিকাণ্ডৰ পাছতে লাহোৰ বিমান বন্দৰৰ পৰা সকলো বিমান উৰণ বাতিল কৰা হৈছে। 

এই অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। অৱশ্যে এই অগ্নিকাণ্ডৰ পাছতে সমগ্ৰ লাহোৰতে এক চাঞ্চল্যৰ সৃষ্টি হৈছে।

যাত্ৰীসকলৰ মাজতো হাহাকাৰ পৰিস্থিতিৰ সূচনা হৈছে। এই অগ্নিকাণ্ডৰ হতাহতিৰ খবৰো এই পৰ্যন্ত লাভ কৰা নাই। 

উল্লেখ্য যে, লাহোৰ বিমানবন্দৰ পাকিস্তানৰ এক অতি গুৰুত্বপূৰ্ণ বিমানবন্দৰ। এনেধৰণৰ অগ্নিকাণ্ডই এই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোত যথেষ্ট বিশৃংখলতাৰ সৃষ্টি কৰিছে।

বিমান  বন্দৰটোৰ অগ্নি নিৰ্বাপন কৰিবলৈ অগ্নি নিৰ্বাপক বাহিনীয়ে চেষ্টা অব্যাহত ৰাখিছে। বিমানবন্দৰটো উপস্থিত থকা সকলো যাত্ৰীকে আঁতৰাই পঠিওৱা হৈছে। 

অগ্নিকাণ্ড পাকিস্তান