/asomiyapratidin/media/media_files/2025/08/14/jammu-kashmir-14-2025-08-14-17-23-10.jpg)
ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ উত্তৰকাশীত সংঘটিত হোৱা ভয়াৱহ ভূমিস্খলনৰ দৃশ্যই এতিয়াও দেশবাসীৰ মন, মগজুক সন্ত্ৰাসিত কৰা ৰখাৰ সময়তে পুনৰ অনুৰূপ ধৰণেই ডাৱৰ বিস্ফোৰণ ঘটি জম্মু কাশ্মীৰত সংঘটিক হৈছে বৃহৎ ভূমিস্খলনৰ ঘটনা।এই ঘটনাত অতি কমেও ১০ জনকৈ লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি বৃহস্পতিবাৰে জম্মু কাশ্মীৰৰ কিষ্টৱাৰা জিলাৰ চাশোতি অঞ্চলত ডাৱৰ বিস্ফোৰণ আৰু তাৰ পিছত হোৱা ভূমিস্খলনে ১০ জন লোকৰ প্ৰাণকাঢ়িছে। হতাহতিৰ সংখ্যা আৰু অধিক হোৱাৰ সম্ভাৱনাও প্ৰৱল বুলি জানিব পৰা গৈছে।
A massive cloudburst has struck the Chishoti area in Jammu & Kashmir’s Kishtwar, along the route to the Machail Mata Yatra.
— J&K Congress (@INCJammuKashmir) August 14, 2025
As per initial reports heavy losses are feared.
Our thoughts and prayers are with the victims, their families, and all those affected by this calamity. pic.twitter.com/fFP4860Gty
ইতিমধ্যে উদ্ধাৰকাৰী দল গৈ সেই স্থানত উপস্থিত হৈছে। মন কৰিবলগীয়া যে এই চাশোতিৰ পৰাই মাছাইল মাতা মন্দিৰৰ যাত্ৰা আৰম্ভ হয়। এই অঞ্চলটোত হোৱা আজিৰ ডাৱৰ বিস্ফোৰণৰ ফলত ব্যাপক ক্ষতি হৈছে।
ইতিমধ্যে কেইবাটাও পথ সম্পূৰ্ণৰূপে ধ্বংস হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই কৰুণ ঘটনাৰ পিছত শোক প্ৰকাশ কৰিছে। তেওঁ এক্স হেণ্ডেলৰ জৰিয়তে শোক প্ৰকাশ কৰি লিখিছে এইদৰে- ‘‘My thoughts and prayers are with all those affected by the cloudburst and flooding in Kishtwar, Jammu and Kashmir. The situation is being monitored closely. Rescue and relief operations are underway. Every possible assistance will be provided to those in need.’’
My thoughts and prayers are with all those affected by the cloudburst and flooding in Kishtwar, Jammu and Kashmir. The situation is being monitored closely. Rescue and relief operations are underway. Every possible assistance will be provided to those in need.
— Narendra Modi (@narendramodi) August 14, 2025
আনহাতে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে এই ঘটনাৰ পিছতে কিষ্টৱাৰৰ জিলা আয়ুক্তৰ কথা পাতি পৰিস্থিতিৰ বুজ লৈছে। স্থানীয় বিধায়কগৰাকীৰ সৈতেও তেওঁ বাৰ্তালাপ কৰিছে। তেওঁ নিজৰ এক্স হেণ্ডেলত চাশোটিৰ ডাৱৰ বিস্ফোৰণৰ কথা উল্লেখ কৰি ইতিমধ্যে ক্ষতিগ্ৰস্ত অঞ্চললৈ উদ্ধাৰকাৰী প্ৰেৰণ কৰা হৈছে বুলিও জানিবলৈ দিছে।
আনহাতে উদ্ধাৰৰ পিছত আহতসকলৰ চিকিৎসাৰ ব্যৱস্থাও কৰা হৈছে। জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, সেনা আৰু আৰক্ষীক উদ্ধাৰ কামত যোগদান কৰিবলৈ নিৰ্দেশ দিছে।
এই প্ৰাকৃতিক দুৰ্যোগত ক্ষয়-ক্ষতি অথবা প্ৰাণহানীৰ সন্দৰ্ভত এতিয়ালৈকে চৰকাৰীভাৱে কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই। সম্প্ৰতি প্ৰশাসনে উদ্ধাৰ অভিযানত গুৰুত্ব আৰোপ কৰি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে।
#JammuAndKashmir
— pardeep jakhar (@jakharpardeep) August 14, 2025
A massive cloudburst struck the Chositi (Chishoti/Chashoti) area of Paddar sub-division in Kishtwar district, along the Machail Mata Yatra route. #Cloudburstpic.twitter.com/6joaVZSvn9
অৱশ্যে অসমৰ্থিত সূত্ৰৰ আধাৰত প্ৰকাশিত খবৰ অনুসৰি এই ঘটনাত ১২ জন লোকে প্ৰাণ হেৰুৱাইছে। পৰিস্থিতি ইমানেই ভয়াৱহ যে হতাহতিৰ সংখ্যা আৰু অধিক বৃদ্ধি হোৱাটো নিশ্চিত। ইতিমধ্যে চাশোটি অঞ্চলৰ কেইবাটাও পথ সম্পূৰ্ণ ৰূপে ধ্বংস হৈছে। এনে দুৰ্যোগৰ পৰিস্থিতিত এইবাৰৰ মাছাইল মাতা যাত্ৰা বাতিল কৰা হৈছে।
Scary visuals from Kishtwar, J&K
— Kumaon Jagran (@KumaonJagran) August 14, 2025
A massive cloudburst in Chishoti area has triggered landslides, leaving 15 dead & 57 injured so far. Rescue ops are on despite bad weather. Union Min Dr. Jitendra Singh says casualties could rise; airlifting injured being arranged. Heavy rains… pic.twitter.com/UHyJHhf5zZ