
ডিজিটেল ডেস্কঃ ৰাছিয়াৰ বিৰুদ্ধে বাৰ্লিনৰ ৰাজপথত একত্ৰিত হ'ল ১ লাখতকৈও অধিক নাগৰিক। বাৰ্লিনৰ ৰাজপথৰ পৰা এই লক্ষাধিক লোকে একেমুখে দাবী কৰিলে ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে আক্ৰমণ বন্ধ কৰিব লাগে। তেওঁলোকৰ দাবী ইতিহাসৰ পুনৰাবৃত্তি নহওক।
দেওবাৰে বাৰ্লিনস্থিত ৰাছিয়াৰ দূতাবাসৰ সন্মুখত সাব্যস্ত কৰা এই প্ৰতিবাদৰ ফলত ৰেলৰ লগতে সকলো ধৰণৰ যানবাহনৰ চালচাল স্তব্ধ হৈ পৰে। প্ৰতিবাদকাৰীসকলে ৰাজধানীৰ মাজভাগত থকা বিজয় স্তম্ভৰ পৰা সম্প্ৰসাৰিত ইউক্ৰেইন আৰু ইউৰোপীয় ইউনিয়নৰ পতাকাৰ সৈতে "যুদ্ধ বন্ধ কৰক", "পুটিনৰ অন্তিম যুদ্ধ" আৰু "আমি ইউক্ৰেইনৰ সৈতে থিয় দিছোঁ" বুলি লিখা প্ৰতিবাদকাৰী সকলে ভিৰ কৰে।
ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণে চতুৰ্থ দিনত প্ৰৱেশ কৰাৰ লগে লগে এই প্ৰতিবাদ কৰা হয়। এই প্ৰতিবাদকাৰীসকলে বাৰ্লিনক সংঘৰ্ষ ক্ষেত্ৰলৈ অস্ত্ৰ ৰপ্তানি নকৰাৰ দশকজোৰা নীতি সলনি কৰিবলৈও জোৰ দিয়ে। ইফালে ৰাষ্ট্ৰসংঘৰ শৰনাৰ্থী সংস্থাই দাবী কৰা মতে দেওবাৰলৈকে ইউক্ৰেইনৰ পৰা ৫ লাখতকৈ অধিক শৰনাৰ্থী মুখ্যত মহিলা আৰু শিশু চুবুৰীয়া দেশলৈ পলাই গৈছে।
দেওবাৰে হোৱা এই প্ৰতিবাদত আৰক্ষীয়ে প্ৰথমে প্ৰায় ২০,০০০ লোকে অংশগ্ৰহণ কৰিব বুলি অনুমান কৰিছিল যদিও প্ৰায় ১ লক্ষাধিক লোকতকৈও অধিক লোকৰ সমাগম হয়।