কৰ্ণাটকৰ হিজাব বিতৰ্কঃ এইবাৰ জপিয়াই পৰিল মালালা ইউছুফাইজাই…

কৰ্ণাটকৰ হিজাব বিতৰ্কঃ এইবাৰ জপিয়াই পৰিল মালালা ইউছুফাইজাই…

author-image
asomiyapratidin
New Update
কৰ্ণাটকৰ হিজাব বিতৰ্কঃ এইবাৰ জপিয়াই পৰিল মালালা ইউছুফাইজাই…

ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ হিজাব বিতৰ্কত এইবাৰ প্ৰৱেশ কৰিলে শান্তিৰ নবেল বিজয়ী মালালা ইউছুফাইজাইৰ। ৰাজ্যখনত নতুন ইউনিফৰ্ম নীতি জাৰি কৰাৰ লগে লগেই বিতৰ্কৰ সূচনা হৈছে। হিজাব পৰিহিত মুছলমান ছাত্ৰীৰ শিক্ষানুষ্ঠানত প্ৰৱেশত বাধা দিয়াক কেন্দ্ৰ কৰি ৰাজ্যখনত মুছলমান আপু হিন্দু শিক্ষাৰ্থীসকলৰ মাজত সংঘাত সৃষ্টি হৈছে। পৰিস্থিতি ইমানেই ভয়াবহ হৈ পৰিছে যে ৰাজ্য চৰকাৰে শিক্ষানুষ্ঠানসমূহ ৩ দিনৰ বাবে বন্ধ ৰাখিবলৈ বাধ্য হৈছে।

Advertisment

কৰ্ণাটকৰ এই ঘটনাই সংবাদ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰাৰ পিছতেই এই বিষয়টোত জপিয়াই পৰিছে মালালা। তেওঁ ছাত্ৰীসকলৰ হিজাব পৰিধান কৰা বিষয়টোত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেওঁ কৈছে যে, মুছলমান ছোৱালীসকলক হিজাব পিন্ধি মহাবিদ্যালয়লৈ যোৱাত বাধা দিয়াটো ভয়ংকৰ কথা। মালালাই টুইট কৰি কৈছে: "কম বেছি পৰিমাণে কাপোৰ পিন্ধাৰ বাবে মহিলাসকলক অপমান কৰা হয়। ভাৰতীয় নেতাসকলে মুছলমান মহিলাসকলক উপেক্ষিত হোৱাৰ পৰা বাধা দিয়া উচিত।