পৰীক্ষা নকৰাকৈয়ে বজাৰলৈ মুকলি কৰি দিয়া হৈছিল কফ চিৰাপ...

কফ চিৰাপ সেৱন কৰি মৃত্যু ঘটিছিল ৬৬টা শিশুৰ
পৰীক্ষা নকৰাকৈয়ে বজাৰলৈ মুকলি কৰি দিয়া হৈছিল কফ চিৰাপ...

ডিজিটেল ডেস্ক : কিছুদিন পূৰ্বে হাৰয়ানাৰ মেইডেন ফাৰ্মাছিউটিকেলছে প্ৰস্তুত কৰা কফ চিৰাপ সেৱন কৰি গাম্বিয়াত ৬৬টা কৈ শিশুৰ মৃত্যু হোৱা বুলি সন্দেহ কৰাৰ পাছত বিশ্ব স্বাস্থ্য সংস্থাই জাৰি কৰিছিল মেডিকেল এলাৰ্ট । তাৰ পাছৰে পৰাই সন্মুখলৈ আহি আছিল এটাৰ পাছত আন এটা তথ্য ।

প্ৰথমাৱস্থাত, কফ চিৰাপ কেইটাত ডায়েথাইলিন গ্লাইক'ল আৰু ইথাইলিন গ্লাইক'ল প্ৰয়োজনাধিক পৰিমাণত ব্যৱহাৰ কৰাৰ বাবে বৃক্কৰ ৰোগ হৈ শিশুকেইটাৰ মৃত্যু হোৱা বুলি প্ৰকাশ পাইছিল । তাৰ পাছতেই ভাৰতীয় স্বাস্থ্য সংস্থাই গৱেষণাগাৰলৈ প্ৰেৰণ কৰিছিল এই কফ চিৰাপ কেইটাৰ নমুনা ।

আনহাতে, মঙলবাৰে হাৰিয়ানাৰ ৰাজ্যিক ঔষধ পৰীক্ষক বিষয়াসকলে কোম্পেনীটোৰ চোনেপটৰ কাৰ্যালয়ত উপস্থিত হৈ প্ৰকাশ কৰিলে আন এক চাঞ্চল্যকৰ তথ্য । গাম্বিয়ালৈ প্ৰেৰণ কৰাৰ পূৰ্বে হেনো পৰীক্ষাই কৰা হোৱা নাছিল ঔষধ কেইটা । ইয়াৰ ওপৰিও ঔষধসমূহ পৰীক্ষা কৰি ইয়াৰ পঞ্জীয়ন কৰা বহীও নিৰুদ্দেশ ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও নিম্নমাণ্ডৰ ঔষধ নিৰ্মাণ কৰাৰ বাবে ভিয়েটনামত ২০১১ চনতে নিষিদ্ধ কৰা হৈছিল মেইডেন ফাৰ্মাছিউটিকেলছক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in