বেডমিণ্টত পুনৰ আহিল স্বৰ্ণ পদকঃ এইবাৰ লক্ষ্য সেনে গৌৰৱাম্বিত কৰিলে ভাৰতক…

বেডমিণ্টত পুনৰ আহিল স্বৰ্ণ পদকঃ এইবাৰ লক্ষ্য সেনে গৌৰৱাম্বিত কৰিলে ভাৰতক…

author-image
asomiyapratidin
New Update
বেডমিণ্টত পুনৰ আহিল স্বৰ্ণ পদকঃ এইবাৰ লক্ষ্য সেনে গৌৰৱাম্বিত কৰিলে ভাৰতক…

ডিজিটেল ডেস্কঃ ৱাৰ্মিংহামত অনুষ্ঠিত হৈ থকা কমনৱেলথ গেমছৰ আজি অন্তিম দিনা পি ভি সিন্ধুৰ পাছতেই পুনৰ স্বৰ্ণ জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে শ্বাটলাৰ লক্ষ্য সেনে। আজি পুৰুষৰ একক শাখাত অনুষ্ঠিত বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ  লক্ষ্য সেনে মালেচিয়াৰ জে য়ঙক পৰাস্ত কৰি স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হয়।

Advertisment

সেনে ১৯-২১, ২১-০৯ আৰু ২১-১৬ ছেটত মালেচিয়াৰ জে য়ঙক পৰাস্ত কৰে। ইয়াৰ লগে লগে বাৰ্মিংহামত ভাৰতৰ সোণৰ পদকৰ সংখ্যা ২০ টালৈ বৃদ্ধি পালে।ফলত পদক তালিকাৰ চতুৰ্থ স্থানলৈ উন্নীত হৈছে ভাৰত।