/asomiyapratidin/media/media_files/2025/05/08/3369saYnUI79pjB9TWMC.jpg)
ডিজিটেল ডেস্কঃ ৭ মে’ ২০২৫ ত ভাৰতীয় সেনাই পাকিস্তানত থাকি ভাৰতত সন্ত্ৰাসবাদী কাৰ্যকলাপেৰে আভ্যন্তৰীণ শান্তি বিঘ্নিত কৰাৰ লগতে সাধাৰণ লোকৰো প্ৰাণ কাঢ়ি লোৱা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অপাৰেচন সিন্দুৰ সফলতাৰে সম্পন্ন কৰাৰ পাছতেই ধাৰাবাহিকভাৱে কপি আছে পাকিস্তান।
৭ মে’ৰ নিশা ভাৰতীয় সেনাৰ মিছাইল আক্ৰমণত ৯ টাকৈ স্থানত সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰাৰ সময়ত ইছলামবাদলৈকে কপি উঠাৰ পাছত বৃহস্পতিবাৰেও পুৱা ৭ বজাতেই কপি উঠিল লাহোৰ। পুৱাই সংঘটিত হোৱা এই ধাৰাবাহিক বোমা বিস্ফোৰণৰ ফলত ক’লা ধোঁৱাই আৱৰি ধৰিলে সমগ্ৰ লাহোৰৰ আকাশ।
লগে লগে বাজি উঠিল যুদ্ধৰ ছাইৰেন। জানিব পৰা মতে এই বিস্ফোৰণ লাহোৰৰ ৱালটন বিমানবন্দৰৰ সমীপৰ গোপাল নগৰ আৰু নাছিৰাবাদত সংঘটিত হৈছে। এই বিস্ফোৰণৰ পাছতেই কৰাচী, লাহোৰ শিয়ালকোট বিমানবন্দৰৰ সেৱা সাময়িক ভাৱে বন্ধ কৰি দিয়া হৈছে।
অৱশ্যে এই বিস্ফোৰণৰ প্ৰকৃত হতাহতিৰ খবৰ এই পৰ্যন্ত স্পষ্ট হোৱা নাই। পাকিস্তানৰ সংবাদ সংস্থা ডনৰ বাতৰি অনুসৰি পাকিস্তান বিমান বন্দৰ কৰ্তৃপক্ষই বৃহস্পতিবাৰে নিশা ১২ বজালৈকে কৰাচী, লাহোৰ আৰু শিয়ালকোটৰ বিমানবন্দৰ বন্ধ কৰি দিছে।
পাকিস্তান বিমান বন্দৰ কৰ্তৃপক্ষৰ মুখপাত্ৰ ছাইফুল্লাহ খানে জাৰি কৰা এক বিবৃতিত সকলো যাত্ৰীকে পৰবৰ্তী নিৰ্দেশ নিদিয়ালৈকে বিমান সংস্থাসমূহৰ সৈতে যোগাযোগ অব্যাহত ৰাখিবলৈ পৰামৰ্শ দিছে।
লাহোৰৰ ৱাল্টন বিমানবন্দৰৰ সমীপৰ গোপাল নগৰ আৰু নাছিৰাবাদৰ যি স্থানত বিস্ফোৰণ সংঘটিত হৈছে সেই দুয়োটা স্থানেই অভিজাত অঞ্চল হিচাপে জনাজাত। এই দুয়োটা স্থানতেই ব্যৱসায়ী আৰু সামৰিক বেৰেকৰ সংযোগস্থল।
সেয়ে স্বাভাৱিকতে এই বিস্ফোৰণে কপাই তুলিছে ইলছলামাবাদকো। বিস্ফোৰণৰ ভিডিঅ’ত দেখা গৈছে যে বিস্ফোৰণৰ তীব্ৰ শব্দ শুনি স্থানীয় লোক আতংকিত হৈ ঘৰৰ পৰা দৌৰি ওলাই আহিছে। সমগ্ৰ অঞ্চল ধোঁৱাই আৱৰি ধৰিছে।
আৰক্ষীৰ সূত্ৰই দাবী কৰিছে যে ড্ৰ’নৰ দ্বাৰা এই বিস্ফোৰণ সংঘটিত হৈছে। অৱশ্যে বিস্ফোৰণৰ পিছতে ড্ৰ’নখন গুলীয়াই ধ্বংস কৰা হৈছে বুলিও প্ৰকাশ পাইছে। এই বিস্ফোৰণৰ আঁৰত কোন জড়িত হৈ আছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
Utter chaos in Lahore after drone strike at Walton Road which leads to Lahore cantonment. People out on streets in panic. Asim Munir's Jihadist policies have invited war to Pakistan's streets. pic.twitter.com/1195BQxlhf
— Divya Kumar Soti (@DivyaSoti) May 8, 2025