ৰাজ অভিষেকৰ দিনাই প্ৰতিবাদৰ সন্মুখীন হোৱাৰ পথত ব্ৰিটেইনৰ ৰজা

ৰাজ অভিষেকৰ দিনাই প্ৰতিবাদৰ সন্মুখীন হোৱাৰ পথত ব্ৰিটেইনৰ ৰজা

ডিজিটেল ডেস্ক : ব্ৰিটেইনৰ ৰাণী এলিজাবেথ দ্বিতীয় । ব্ৰিটেইনৰ ইতিহাসৰ এগৰাকী অন্যতম শক্তিশালী ৰাজকীয় ব্যক্তিত্ব । ৭০ বছৰ ২১৪ দিনীয়া ৰাজত্ব কাল আছিল ব্ৰিটেইনৰ ৰাজতন্ত্ৰৰ সৰ্ববৃহৎ শাসনকাল আৰু বিশ্বৰ ইতিহাসতো কোনো মহিলাৰ এইয়া আছিল সৰ্ববৃহৎ ৰাজত্বকাল । ৭টা কৈ দশক কোনো সাধাৰণ কথা নহয় । এই কালছোৱা নানান উত্থাপ-পতন, বাদ-অপবাদেৰে ভৰা আছিল । নিজৰেই সন্তান চাৰ্লছ তৃতীয়ৰ প্ৰথম পত্নী তথা ৱেলছৰ ৰাজকুমাৰী ডায়েনাক হত্যা কৰাৰো অপবাদ উঠিছিল এলিজাবেথ দ্বিতীয়ৰ বিৰুদ্ধে ।

সেই গৰাকী শক্তিশালী এলিজাবেথৰ মৃত্যুৰ পাছতেই থৰক-বৰক হৈ পৰিছিল ব্ৰিটেইনৰ ৰাজসাম্ৰাজ্য । অৱশ্যে ৰাজনৈতিক দিশ সমূহৰ পৰিচালনাৰ বাবে সৰ্বোচ্চ আসনত প্ৰধানমন্ত্ৰী আছে ব্ৰিটেইনত । কিন্তু ৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰাৰ দিশত আকৌ সৰ্বোচ্চ ৰাজ পৰিয়ালেই । এলিজাবেথৰ মৃত্যুৰ পাছত প্ৰশ্ন উত্থাপন হৈছিল বৃটিছ সাম্ৰাজ্যক লৈ । একে সময়তেই অস্থিৰ আছিল ৰাজনৈতিক বাতাবৰণো । প্ৰধানমন্ত্ৰীৰ সঘল সাল-সলনিয়ে পৰিৱেশ আৰু উত্তপ্ত কৰি তুলিছিল । তাৰ মাজতেই ভাৰতীয় মূলৰ ঋষি ছুনাকে চম্ভালি ল'লে প্ৰধানমন্তৰিৰি দায়িত্ব । ঠিক একেদৰেই ৰাজপৰিয়ালৰ চাৰ্লছ তৃতীয়ক দিয়া হ'ল ৰজাৰ খিতাপ । আজি, ৪ মে' । চাৰ্লছ তৃতীয়ৰ ৰাজঅভিষেক ।

কিন্তু ৰাজঅভিষেকৰ কিছু ঘন্টা পূৰ্বৰে পৰাই ব্ৰিটেইনৰ ৰাজপথত দেখা গ'ল প্ৰতিবাদকাৰীৰ ভিৰ ।

কিন্তু কিয় এই প্ৰতিবাদ ? এই প্ৰতিবাদৰ অন্তৰালৰ ৰহস্য হৈছে চাৰ্লছৰ পৰিয়ালৰ ইতিহাস । বহু কেইগৰাকী ইতিহাসবিদ আৰু গৱেষকে অধ্যয়নৰ অন্তত সমগ্ৰ বিশ্বক জনাইছিল পৰিয়ালটোৰ এক ক'লা অধ্যায় । অতি ঘৃণনীয় ক্ৰীতদাস প্ৰথাৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক আছিল এই পৰিয়ালটিৰ । যিদৰে পশুধনৰ ফাৰ্ম থাকে সেইদৰে এই পৰিয়ালটিৰ পূৰ্বতে আছিল ক্ৰীতদাসৰ ফাৰ্ম । এই কথা মানি ল'ব বিচৰা নাই বৰ্তমানৰ ব্ৰিটেইনৰ নাগৰিকে । যি পৰিয়ালে এসময়ত মানুহক মানুহ বুলি গণ্য কৰিব বিচৰা নাছিল সেই পৰিয়ালৰ ৰাজতন্ত্ৰ সপি দিয়াত মুঠেই আগ্ৰহী নহয় ব্ৰিটেইনৰ জনতা ।

একেদৰেই এই ৰাজঅভিষেকৰ নামত হ'ব লগীয়া চূড়ান্ত ব্যয়ৰো বিৰুদ্ধে নাগৰিকসকল । উল্লেখ্য যে, এই ৰাজঅভিষেকৰ নামত ব্ৰিটেইনৰ ৰাজকোষে খৰচ কৰিব প্ৰায় ৫০ ৰ পৰা ১০০ মিলিয়ন পাউণ্ড । ভাৰতীয় হিচাপত হাজাৰ কোটিৰো অধিক । ব্ৰিটেইনৰ আৰ্থিক অৱস্থা খুব টনকীয়াল নহয় এই সময়ত । ইতিমধ্যেই ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ ফলত সমগ্ৰ ইউৰোপত শক্তি সংকটে দেখা দিছিল । যাৰ প্ৰভাৱ পৰিছিল ব্ৰিটেইনতো ।যাৰ ফলতেই এতিয়া ব্ৰিটেইনৰ ৰাজপথত দেখা গৈছে "NOT MY KING" পোষ্টাৰ ।

এতিয়া লক্ষণীয় হ'ব এই প্ৰতিবাদৰ ৰাজঅভিষেকত প্ৰভাৱ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in