আফগানিস্তানত ভাৰতীয়সহ ৩ বিদেশী নাগৰিকক হত্যা

আফগানিস্তানত ভাৰতীয়সহ ৩ বিদেশী নাগৰিকক হত্যা

ডিজিটেল ডেস্কঃ আফগানিস্তানৰ ৰাজধানী কাবুলত সন্ত্ৰাসবাদীয়ে ৩জনকৈ বিদেশী নাগৰিকক অপহৰণ কৰি হত্যা কৰাৰ বাতৰি পোৱা গৈছে। আফগান আৰক্ষীয়ে সদৰী কৰা মতে, বৃহস্পতিবাৰে কাবুলত কৰ্মৰত এই ৩ বিদেশী নাগৰিকক সন্ত্ৰাসবাদীয়ে কৰ্মস্থলীৰ পৰাই অপহৰণ কৰি নিয়ে।

এই বিদেশী নাগৰিককেইজনে ছুডেক্স নামৰ এটি আন্তঃৰাষ্ট্ৰীয় খাদ্য প্ৰস্তুতকাৰী প্ৰতিষ্ঠানৰ কাবুলস্থিত কাৰ্যালয়ত কাৰ্যনিৰ্বাহ কৰিছিল।

আফগান বৈদেশিক মন্ত্ৰণালয়ে সদৰী কৰা মতে ইতিমধ্যে বিদেশী লোককেইজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ইয়াৰে এজন ভাৰতৰ নাগিৰক আছিল বুলিও দেশখনৰ বৈদেশিক মন্ত্ৰণালয়ৰ বিবৃতিৰ পৰা জানিব পৰা গৈছে। নিহত আন দুজন নাগৰিক হৈছে মালয়েছিয়া আৰু মেচিডনিয়াৰ।

'লোককেইজনে এজন স্থানীয় গাড়ী চালকৰ সৈতে টেক্সিৰে কাৰ্যালয়ৰ কামত এঠাইলৈ গৈ আছিল। সেই সময়তে সন্ত্ৰাসবাদীয়ে লোককেইজনক অপহৰণ কৰে। মালয়েছিয়াৰ লোকজনৰ বয়স ৬৪ বছৰ, ভাৰতীয়জনৰ ৩৯ আৰু মেচিডনিয়াৰ লোকজনৰ বয়স ৩৭ বছৰ।'– এই পৰ্যন্ত কোনো সন্ত্ৰাসবাদী সংগঠনে এই ঘটনাৰ সৈতে জড়িত থকা বুলি দাবী নকৰাৰ কথা উল্লেখ কৰি সংবাদ মাধ্যমক এইদৰে জনাইছে আফগান আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই।

উল্লেখ্য যে বিগত কিছুদিন ধৰি দেশখনৰ ৰাজধানী চহৰখনত সন্ত্ৰাসবাদীয়ে এনেদৰে তাত কৰ্মৰত একাধিক বিদেশী নাগৰিকক অপহৰণ কৰি আহিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in