/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/maulana-masood-azhar.jpeg)
ডিজিটেল ডেস্কঃ পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ দি ভাৰতীয় বায়ু সেনাই ২৬ ফেব্ৰুৱাৰীত পাক অধিকৃত বালাকোটত প্ৰৱশ কৰি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাইছিল। এই অভিযানত ৩ শতাধিক সন্ত্ৰাসবাদী নিহত হোৱা বুলি নৰেন্দ্ৰ মোডী আৰু তেওঁৰ চৰকাৰে দাবী জনাই আহিছে। কিন্তু শেহতীয়াকৈ প্ৰকাশ পোৱা খবৰ অনুসৰি জইছ-ই-মহম্মদৰ প্ৰধান মাছুদ আজহাৰে বালাকোট আক্ৰমণত কোনো ক্ষতিসাধন নোহোৱা বুলি দাবী কৰিছে। জইছ-ই-মহম্মদৰ মুখপত্ৰ হিচাপে পৰিচিত 'অল কলাম' নামৰ এখন আলোচনীৰ এটা লেখাত এই দাবী কৰিছে সন্ত্ৰাসবাদী সংগঠনটোৱে। এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি মতে, আলোচনীখনৰ সেই লেখাটো লিখিছে মাছুদ আজহাৰে।
অৱশ্যে, আলোচনীখনৰ সেই লেখাটো সঁচাকৈ মাছুদ আজহাৰেই লিখিছেনে তাক লৈ এতিয়াও কোনো নিশ্চিত তথ্য প্ৰমাণ নাই। কিন্তু যিহেতু 'অল কলাম' নামৰ সাপ্তাহিক আলোচনীখন জইছ-ই-মহম্মদৰ মুখপত্ৰ হিচাপে ধৰা হয়, তাৰ বাবে উক্ত লেখাটো সন্ত্ৰাসবাদী সংগঠনটোৰ প্ৰধান মাছুদ আজহাৰেই লিখা বুলি বিভিন্নজনে দাবী কৰিব খোজে। লেখাটোত মাছুদ আজহাৰৰ অসুস্থতাৰ কথা উল্লেখ কৰি সেয়া ভুৱা প্ৰচাৰ বুলি দাবী কৰা হৈছে। লগতে মাছুদ আজহাৰ কিমান ফিট তাক লৈ নৰেন্দ্ৰ মোডীক প্ৰত্যাহ্বান জনোৱা হৈছে লেখাটোৰ জৰিয়তে।
হিন্দুস্তান টাইমছৰ বাতৰি মতে, মাছুদ আজহাৰে উক্ত লেখাটোত লিখিছে- 'মই সম্পূৰ্ণৰূপে সুস্থ। মোৰ কিডনী আৰু লিভাৰো সম্পূৰ্ণ সুস্থ। মই ১৭ বছৰ বয়সৰ পৰাই চিকিৎসালয়লৈ গৈ পোৱা নাই। আনিক মই স্বাস্থ্য সন্দৰ্ভত কোনো পৰামৰ্শ লৈ পোৱা নাই। নৰেন্দ্ৰ মোডীতকৈ মই বেছি ফিট আৰু শক্তিশালী। যদি প্ৰমাণ বিচাৰে, তেন্তে মই খেলৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰীক প্ৰত্যাহ্বান জনাব বিচাৰো।'
ইফালে, লেখাটোত পুলাৱামা আক্ৰমণ সন্দৰ্ভত উল্লেখ কৰি সেয়া এক স্বাধীনতা আন্দোলন বুলিহে দাবী কৰা হৈছে। এই আন্দোলনৰ জুই এতিয়া কাশ্মীৰবাসীৰ মনত জ্বলিবলৈ আৰম্ভ কৰিছে আৰু সদায় জ্বলি থাকিব বুলিও লেখাটোৰ জৰিয়তে দাবী কৰে মাছুদ আজহাৰে।