জাপানে ভাৰতত ৫ বছৰত বিনিয়োগ কৰিব ৩.২ লাখ কোটি…

জাপানে ভাৰতত ৫ বছৰত বিনিয়োগ কৰিব ৩.২ লাখ কোটি…

author-image
asomiyapratidin
New Update
জাপানে ভাৰতত ৫ বছৰত বিনিয়োগ কৰিব ৩.২ লাখ কোটি…

ডিজিটেল ডেস্কঃ আগন্তুক ৫ বছৰত জাপানে ভাৰতত ৪২ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দিল্লীত জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদাৰে এক যুটীয়া সংবাদমেলত এই কথা ঘোষণা কৰিছে। ভাৰত আৰু জাপানৰ মাজত প্ৰতি বছৰে এই সন্মিলন অনুষ্ঠিত হৈ আহিছে। দুয়োখন দেশৰ মাজত মুঠ ৬ খন চুক্তি স্বাক্ষৰিত হৈছে। উল্লেখ্য যে, প্ৰধানমন্ত্ৰী হোৱাৰ পিছত ফুমিও কিছিদা প্ৰথমবাৰৰ বাবে ভাৰতলৈ আহিছে।

Advertisment

জাপানৰ প্ৰধানমন্ত্ৰী গৰাকী আবেলি প্ৰায় ৪ বজাত ভাৰতত উপস্থিত হয়। ইয়াৰ পিছতে দুয়োখন দেশৰ প্ৰতিনিধিদলৰ মাজত দীঘলীয়া আলোচনা হয়। কিছিদাই প্ৰধানমন্ত্ৰী মোডীৰ সৈতে দীঘলীয়া বাৰ্তালাপ কৰে। এই আলোচনাৰ পিছতে ভাৰতত ৪২ বিলিয়ন ডলাৰৰ বিনিয়োগৰ কথা ঘোষণা কৰে। ভাৰতীয় টকাৰ হিচাপত এই বিনিয়োগ হ'ব ৩.২ লাখ কোটি টকা। ইয়াৰ পূৰ্বে ২০১৪ চনত জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চিনজো আবেই ভাৰত ভ্ৰমণ কৰি ৫ বছৰত ৩.৫ ট্ৰিলিয়ন য়েন বিনিয়োগ আৰু সহায়ৰ কথা ঘোষণা কৰিছিল।

জাপানে দীৰ্ঘদিন ধৰি ভাৰতৰ চহৰসমূহৰ আন্তঃগাঁথনিৰ বিকাশ আৰু পৰিৱৰ্তনত সহায় কৰি আহিছে। ইয়াৰ ভিতৰত উচ্চ গতিৰ ৰে'লপথো অন্তৰ্ভুক্ত আছে। যাৰ ভিতৰত আছে মুম্বাই আৰু আহমেদাবাদৰ মাজৰ বুলেট ৰেল। দুয়োখন দেশে অৰ্থনৈতিক আৰু সাংস্কৃতিক সম্পৰ্ক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ চনৰ অক্টোবৰত দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী কিছিদাৰ সৈতে ফোনযোগে কথা পাতিছিল। দুয়োখন দেশে কৌশলগত আৰু গোলকীয় পৰ্যায়ত অংশীদাৰীত্বৰ ক্ষেত্ৰত সন্মত হৈছে।