ভাৰতলৈ ৰাছিয়াৰ উপহাৰ ! বহু কম মূল্যত যোগান ধৰিব খাৰুৱা তেল…

ভাৰতলৈ ৰাছিয়াৰ উপহাৰ ! বহু কম মূল্যত যোগান ধৰিব খাৰুৱা তেল…

author-image
asomiyapratidin
New Update
ভাৰতলৈ ৰাছিয়াৰ উপহাৰ ! বহু কম মূল্যত যোগান ধৰিব খাৰুৱা তেল…

ডিজিটেল ডেস্কঃ ভাৰতলৈ ৰাছিয়াৰ উপহাৰ। কম মূল্যত ভাৰতীয় তেল কোম্পানীলৈ ৰাছিয়াই যোগান ধৰিব খাৰুৱা তেল। আন্তঃৰাষ্ট্ৰীয় বজাৰৰ খাৰুৱা তেলৰ মূল্যতকৈ বহু কম দামত ভাৰতক খাৰুৱা তেল যোগান ধৰিবলৈ আগবাঢ়িছে ৰাছিয়া। ইয়াৰ বাবে শীঘ্ৰেই সম্পাদিত কৰা হ'ব চুক্তি।

Advertisment

ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই আক্ৰমণ কৰাৰ পিছতে ৰাছিয়াৰ ওপৰত অৰ্থনৈতিক অৱৰোধ আৰোপ কৰা হৈছে। পশ্চিমীয়া দেশ সমূহে ৰাছিয়াৰ লগত সকলো সম্পৰ্ক শেষ কৰিছে। ৰাছিযাৰ ওপৰত আমেৰিকাই তেল আমদানি নিষেধাজ্ঞা কে ধৰি বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰিছে।

কিন্তু ইয়াৰ বিপৰীতে ভাৰতীয় তেল কোম্পানীয়ে ৰাছিয়াৰ তেল কোম্পানীৰ পৰা তেল ক্ৰয় কৰাত কোনো বাধা লাভ কৰা নাই। ভাৰতীয় তেল কোম্পানীৰ ওপৰত নাই কোনো নিষেধাজ্ঞা। ইফালে আমেৰিকাকে ধৰি অন্যান্য পশ্চিমীয়া ৰাষ্ট্ৰসমূহে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপক কৰাৰ পিছতে ভাৰত তথা ৰাছিয়াৰ সৈতে সু সম্পৰ্ক বজাই ৰখা দেশসমূহৰ তেল কোম্পানীক কম মূল্যত তেল যোগান ধৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৰাছিয়াই।

এই সন্দৰ্ভত ভাৰতীয় তেল কোম্পানীৰ সৈতে এক চুক্তিও স্বাক্ষৰ কৰিবলৈ আগবাঢ়িছে। ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডে ৰাছিয়াৰ এটা তেল কোম্পানীৰ সৈতে ৩ নিযুত বেৰল খাৰুৱা তেল আমদানি কৰাৰ চুক্তি কৰিছে। ইয়াৰ বাবে দুয়োটা কোম্পানীৰ মাজত পোনপটীয়া আলোচনা হৈছে। এই চুক্তি চূড়ান্ত পৰ্যায়ত উপনীত হৈছে।

এই মুহূৰ্তত, অধিক ভাৰতীয় তেল কোম্পানীয়ে খাৰুৱা তেল আমদানি কৰিবলৈ ৰাছিয়াৰ তেল কোম্পানীবোৰৰ সৈতে চুক্তি স্বাক্ষৰ কৰাৰ বাবে প্ৰস্তুত হৈছে। উল্লেখ্য যে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ আৰম্ভ হোৱাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য যথেষ্ট বৃদ্ধি পাইছিল। প্ৰতিবেৰল খাৰুৱা তেলৰ মূল্যই ১৩০ ডলাৰৰো অধিক মূল্য স্পৰ্শ কৰিছিল। এতিয়াও এই মূল্য ১০০ ডলাৰৰ ওপৰতেই আছে। এনে পৰিস্থিতিত ৰাছিয়াই ভাৰতীয় তেল কোম্পানীক বহু কম মূল্যত তেল যোগান ধৰাৰ বাবে লোৱা পদক্ষেপে ভাৰতক উপকৃত কৰিব বুলি আশা কৰা হৈছে।