শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীৰ পদত্যাগঃ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ সন্মুখৰ সংঘৰ্ষত সাংসদ নিহত…

শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীৰ পদত্যাগঃ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ সন্মুখৰ সংঘৰ্ষত সাংসদ নিহত…

author-image
asomiyapratidin
New Update
শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীৰ পদত্যাগঃ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ সন্মুখৰ সংঘৰ্ষত সাংসদ নিহত…

ডিজিটেল ডেস্কঃ ভাৰতৰ চুবুৰীয়া দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাত অব্যাহত আছে সংকট। ৰাষ্ট্ৰখনত দেখা দিয়া অৰ্থনৈতিক বিপৰ্যয়ৰ মাজতে সকলো শ্ৰেণীৰ নাগৰিকে ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। অৰ্থনৈতিক বিপৰ্যয়ৰ ফলত সৃষ্টি হোৱা প্ৰতিবাদ আৰু উত্তেজনাৰ মাজতে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাকছাই পদত্যাগ কৰিছে। তেওঁৰ লগতে শ্ৰীলংকাৰ স্বাস্থ্যমন্ত্ৰী অধ্যাপক চান্না জয়সুমানাইও পদত্যাগ কৰিছে। তেওঁ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাকছালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে।

Advertisment

উল্লেখ্যে যে প্ৰধানমন্ত্ৰী ৰাজাপাকছাই পদত্যাগ কৰিব বুলি ঘোষণা কৰাৰ পিছতে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাকছাৰ কাৰ্যালয়ৰ সন্মুখত হিংসাত্মক প্ৰতিবাদে পৰিস্থিতি উত্তাল কৰি তোলে। ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ সন্মুখতে সৃষ্টি হয় সংঘৰ্ষ। এই সংঘৰ্ষত চৰকাৰী পক্ষৰ এগৰাকী সাংসদ নিহত হোৱাৰ খবৰ লাভ কৰা গৈছে। আনহাতে আহত হৈছে শতাধিক লোক।

শ্ৰীলংকাত সৃষ্টি হোৱা অৰ্থনৈতিক মণ্ডাবস্থাৰ মাজতে দুবাৰকৈ ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিছে জৰুৰী অৱস্থা। ইয়াৰ মাজতে ব্যাপক হাৰত ৰাষ্ট্ৰখনৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ সন্মুখতো প্ৰতিবাদ অব্যাহত আছে। এই প্ৰতিবাদ দমনৰ বাবে নিৰাপত্তাৰক্ষীয়ে লাঠি চালনা, কন্দুৱা গেছ নিক্ষেপ কৰিছে।

অৰ্থনৈতিক বিপৰ্যয়ৰ মাদতে বিগত এমাহ ধৰি শ্ৰীলংকাত ইন্ধন, বিদ্যুতৰো তীব্ৰ নাটনি হৈছে। সমগ্ৰ দেশখনতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ লগতে এই মূল্যই আকাশ স্পৰ্শ কৰিছে। সাধাৰণ লোকৰ বাবে এতিয়া দেশখনত জীয়াই থকাটো অসম্ভৱ হৈছে। এনে পৰিস্থিতিত দেশখনৰ পৰা বহু লোকে নিজৰ জীৱনকো আওকান কৰি সমুদ্ৰ পথেৰে অতি বিপদজনক ভাৱে ভাৰতলৈ যাত্ৰা কৰিছে।

ক্লিক কৰি পঢ়কঃ সোমবাৰে অমিত শ্বাহে ক'ত কি কৰিলে, কি ক'লে? অসমে নতুনকৈ কি পালে? চাওক সবিশেষ…