ভাৰত-নেপালৰ মাজত আজিৰে পৰা আৰম্ভ হ’ব ৰে’ল সেৱা…

ভাৰত-নেপালৰ মাজত আজিৰে পৰা আৰম্ভ হ’ব ৰে’ল সেৱা…

author-image
asomiyapratidin
New Update
ভাৰত-নেপালৰ মাজত আজিৰে পৰা আৰম্ভ হ’ব ৰে’ল সেৱা…

ডিজিটেল ডেস্কঃ ভাৰত আৰু নেপালৰ মাজত আৰম্ভ হ'ব ৰেল সেৱা। ইয়াৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাই নতুন দিল্লীৰ হায়দৰাবাদ হাউচৰ পৰা ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে এই ৰেল সেৱা উদ্বোধন কৰিব। এই নতুন ৰেল সেৱাৰ জৰিয়তে জয়নগৰ-বিজালপুৰা-বৰদিদাসলৈকে দুয়োখন দেশৰ মাজত সংযোগ স্থাপন কৰিব। ইয়াৰ মুঠ দৈৰ্ঘ্য হ'ব ৬৯.০৮ কিলোমিটাৰ।

Advertisment

উল্লেখ্য যে প্ৰথম পৰ্যায়ত ৩৪.৫ কিলোমিটাৰ ৰে'লপথ উদ্বোধন কৰা হ'ব। এই ৰে'লপথে বিহাৰৰ জয়নগৰক নেপালৰ জনকপুৰৰ কুৰ্থা ষ্টেচনৰ সৈতে সংযোগ কৰিব। ডি আৰ এম আলোক আগৰৱালে এই প্ৰসংগত কয় যে, উদ্বোধনৰ পিছতে ৰে'লখন ৰে'ল কৰ্মচাৰী আৰু কেইবাজনো জ্যেষ্ঠ বিষয়াৰ সৈতে কুৰ্থালৈ ৰাওনা হ'ব। ৰেলখনে দেওবাৰৰ পৰা যাত্ৰীসকলৰ বাবে মুকলি কৰা হ'ব।

মন কৰিবলগীয়া যে এই ৰেলৰ জৰিয়তে কেৱল ভাৰতীয় আৰু নেপালৰ লোকেহে ভ্ৰমণ কৰিব পাৰিব।ৰেল বিভাগে জাৰি কৰা এক নিৰ্দেশনাৰ জৰিয়তে আন দেশৰ নাগৰিকসকলক ৰেলত যাত্ৰা কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে।

ক্লিক কৰি পঢ়কঃ ৰাজ্যৰ ৬৫ গৰাকীৰো অধিক এ চি এছ বিষয়াক পদোন্নতি, কেইবাজনকো বদলি…

২০১০ ভাৰত চৰকাৰে নেৰো গজ লাইনক ব্ৰডগজ লাইনলৈ ৰূপান্তৰ কৰাৰ বাবে প্ৰায় ৫৪৮ কোটি টকা মঞ্জুৰ কৰিছিল। ২০১৪ চনলৈকে, জয়নগৰৰ পৰা জনকপুৰলৈ ৰেলবোৰ একেটা লাইনত চলি আছিল। ইয়াৰ পিছত, ৰেল সেৱা বন্ধ কৰা হৈছিল।

জুলাই ২০২১-ত, একেটা শাখাতে লোকোমোটিভ ইঞ্জিনৰ দ্ৰুত পৰীক্ষণ সফলতাৰে সম্পন্ন কৰা হৈছিল। ২০১৪ ৰ পৰৱৰ্তী ৮ বছৰৰ পিছত ৰেল সেৱা পুনৰ আৰম্ভ হোৱাৰ লগে লগে দুয়োখন দেশৰ জনসাধাৰণৰ মাজত যাতায়তৰ ক্ষেত্ৰত যথেষ্ট সকাহ হ'ব বুলি আশা কৰা হৈছে।