/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/pakistan-19.jpg)
ডিজিটেল ডেস্কঃ ইমৰান খানেই হ'ব পাকিস্তানৰ প্ৰধানমন্ত্ৰী ! পাকিস্তানৰ ৰাজনীতিত সৃষ্টি হোৱা অস্থিৰতাৰ মাজতে দেশখনৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ পৰা জাৰি কৰা এক নিৰ্দেশনা অনুসৰি ইমৰান খান হৈ থাকিব পাকিস্তানৰ কাৰ্যকৰী প্ৰধানমন্ত্ৰী। দেশখনত নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈকে তেওঁ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিব।
ক্লিক কৰি পঢ়কঃ মাওবাদী শিপাইছে অসমত ! নিয়াৰ ১৭ স্থানত অভিযান…
উল্লেখযোগ্য যে দেওবাৰে ইমৰান খানে পাকিস্তানৰ সংসদত আস্থাভোটৰ সন্মুখীন হোৱাৰ কথা আছিল যদিও প্ৰধানমন্ত্ৰী ইমৰান খানে কৌশলেৰে আস্থা ভোট এৰি চলে। ইয়াৰ পিছতে ৰাষ্ট্ৰপতি কাৰ্যালয়ে এক নিৰ্দেশনা জাৰি কৰি কয় যে, দেশখনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী পাকিস্তানৰ সংবিধানৰ ২২৪-এ(৪) অনুচ্ছেদ অনুসৰি, ইমৰান খানে পাকিস্তানত কাৰ্যকৰী প্ৰধানমন্ত্ৰী নিৰ্বাচন নোহোৱালৈকে প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ থাকিব। পাকিস্তানৰ সংবিধানৰ উল্লেখ আছে যে, যেতিয়া সদনৰ নেতা আৰু বিৰোধী দলৰ নেতা নিৰ্বাচিত নহয় তেতিয়ালৈকে অনুচ্ছেদ ২২৪(এ)ত এজন তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী নিযুক্তিৰ বিষয়ে উল্লেখ কৰা হৈছে ।
Mr. Imran Ahmad Khan Niazi, shall continue as Prime Minister till the appointment of caretaker Prime Minister under Article 224 A (4) of the Constitution of the Islamic Republic of Pakistan.
— The President of Pakistan (@PresOfPakistan) April 3, 2022
পাকিস্তান নেচনেল এচেম্বলীৰ উপাধ্যক্ষ কাছিম চুৰীয়ে দেওবাৰে পাকিস্তান তেহৰিক-ই-ইনচাফ (পিটিআই) চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱক দেশৰ সংবিধানৰ ৫ নং অনুচ্ছেদৰ বিৰোধিতা হিচাপে প্ৰত্যাখ্যান কৰিছিল। তদুপৰি পাকিস্তানৰ ৰাষ্ট্ৰপতি আৰিফ আলভিয়ে ইমৰান খানৰ প্ৰস্তাৱত নেচনেল এচেম্বলী ভংগ কৰে। ইমৰান খানৰ বিৰুদ্ধে হোৱা ভোটক বিদেশী ষড়যন্ত্ৰৰ অংশ হিচাপে বৰ্ণনা কৰা হৈছিল।
পাকিস্তানৰ সংবাদ মাধ্যমসমূহে দেশখনত নেচনেল এচেম্বলী ভংগ হোৱাৰ সমালোচনা কৰি কয় যে, দেওবাৰে যি ঘটিছিল, বিশেষকৈ অনাস্থা প্ৰস্তাৱৰ সৈতে মোকাবিলা কৰাৰ বাবে কৰা প্ৰচেষ্টাই সংসদীয় কাৰ্যক্ৰম নিয়ন্ত্ৰণ কৰা সকলো নিয়ম উলংঘা কৰে।