বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপ দখল কৰি ভাৰতে ক’লে- ‘ঝুকেগা নেহী’…

বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপ দখল কৰি ভাৰতে ক’লে- ‘ঝুকেগা নেহী’…

author-image
asomiyapratidin
New Update
বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপ দখল কৰি ভাৰতে ক’লে- ‘ঝুকেগা নেহী’…

ডিজিটেল ডেস্কঃ 'ঝুকেগা নেহী'- বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপৰ পৰা এই বাৰ্তাই প্ৰেৰণ কৰিলে ভাৰতীয় পুৰুষ আৰ্চাৰী দলটোৱে । বিশ্বজয় কৰি ভাৰতীয় দলটোৱে বিশ্ববাসীক জনাই দিলে এই কথা । ভাৰতীয় ক্ৰীড়া জগতলৈ চলিত সপ্তাহটোত বহু কেইটা ভাল খবৰ আহিছে।

Advertisment

এফালে বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় মহিলা বক্সাৰ নিখাত জাৰিণে স্বৰ্ণ জয় কৰি দেশবাসীক গৌৰৱান্বিত কৰাৰ সমান্তৰালকৈ পি ভি সিন্ধুৱে থাইলেণ্ড অপেনত ইতিহাস সৃষ্টিৰ দিশে আগবাঢ়িছে। তাৰ মাজতেই আজি আকৌ বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপত ভৰতীয় দলটোৱে স্বৰ্ণ জয় কৰি দেশবাসীক পুনৰ এবাৰ গৌৰৱান্বিত কৰিলে ।

বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জন কৰি ভাৰতীয় দলটোৱে বিশ্ববাসীক জনাই দিলে ভাৰতীয় ঝুকেগা নেহী । ভাৰতীয় দলটোৱে বিশ্ব চেম্পিয়নশ্বিপ দখল কৰাৰ পিছতেই দক্ষিণৰ জনপ্ৰিয় 'পুষ্পা' ছবিখনৰ সেই বিখ্যাত ভংগীমাৰে বিশ্ববাসীক ক'লে ঝুকেগা নেহী ।

ফ্ৰান্সৰ বিৰুদ্ধে ফাইনেলখনত ভাৰতে ২৩২-২৩০ ব্যৱধানত জয়লাভ কৰি বিশ্বজয় কৰিলে । ভাৰতীয় দলটোৱে এই স্বৰ্ণ পদক কম্পাউণ্ড ইভেণ্টত জয় কৰিছে । অমন চৌনী, অভিষেক বাৰ্মা আৰু ৰজত চৌহানৰে গঠিত দলটোৰ এই সফলতাত ভাৰতীয় আৰ্চাৰীৰ প্ৰতিজন সদস্য আনন্দিত হৈ পৰিছে ।

এই তিনিওজন আৰ্চাৰে এইবাৰ স্বৰ্ণ পদক দ্বিতীয় ষ্টেজত জয় কৰিছে । পূৰ্বে এই দলটোৱে প্ৰথম ষ্টেজতো স্বৰ্ণ পদক জয় কৰিছিল । একেৰাহে এইদৰে স্বৰ্ণ পদক আহৰণ কৰি ভাৰতীয় দলটোৱে বিশ্ব আৰ্চাৰীলৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিলে । সেয়ে হয়তো তেওঁলোকে ক'লে – ঝুকেগা নেহী ।

বিশ্ব ৰেংকিঙৰ চতুৰ্থ বাচনিৰ ভাৰতীয় দলটোৱে ষষ্ঠ বাচনিৰ ফ্ৰান্সৰ বিৰুদ্ধে চূড়ান্ত খেলখনত প্ৰথমে পিছপৰি আছিল । প্ৰথম দুটা ৰাউণ্ড ভাৰতীয় দল পিছপৰি আছিল । ইয়াৰ পিছত পৰৱৰ্তী তৃতীয় ৰাউণ্ডত ভাৰতীয় আৰ্চাৰৰ তীক্ষ্ণ দৃষ্টিৰ সন্মুখত হাৰ মানিবলৈ বাধ্য হ'ল ফ্ৰান্স বাহিনী ।

ক্লিক কৰি পঢ়কঃ মৃত কলঙৰ বিভিষিকা নগাঁৱত : জলমগ্ন মীন বিভাগৰ কাৰ্যালয়, আধা পকা ধান চপাইছে কৃষকে…