/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/NIGERIA.jpg)
ডিজিটেল ডেস্কঃ নাইজেৰিয়াৰ উত্তৰ-পশ্চিম ৰাজ্য চকোটোত অঘটন। এখন নদীত ডুব গ'ল এখন নাও । এই ঘটনাত মৃত্যু হৈছে ২৬ জনকৈ লোকৰ। স্থানীয় বিষয়াসকলৰ মতে, ঘটনাটো মঙলবাৰে সন্ধিয়া গিদান-মাগানা গাঁৱত সংঘটিত হৈছিল। এতিয়ালৈকে নদীৰ পৰা ২৬ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। তেওঁলোকৰ বেছিভাগেই মহিলা, যিসকলে নাওখনত বহি নদী পাৰ হৈ আছিল। নিহতসকলৰ ভিতৰত ৫ টা শিশুও আছিল। তথ্য অনুসৰি সাহায্য আৰু উদ্ধাৰৰ কাম এতিয়াও চলি আছে।
ক্লিক কৰি পঢ়কঃ প্ৰধানমন্ত্ৰী মোডী, অৰবিন্দ কেজৰিৱালে অসমীয়াতে জনালে বিহুৰ শুভেচ্ছা…