/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/srilanka-2.jpg)
ডিজিটেল ডেস্কঃ অৰ্থনৈতিক জুৰুলা অৱস্থাৰ সন্মুখীন হোৱা শ্ৰীলংকাত এতিয়া সকলো প্ৰান্ততে কেৱল অৰাজকতা। দেশখনৰ জনতাই চৰকাৰ তথা ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে দেশখনৰ আৰক্ষীয়ে বহু প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে। এনে পৰিস্থিতিত দেশখনৰ ২৬ জনকৈ মন্ত্ৰীয়ে পদত্যাগ কৰিছে।
শ্ৰীংলকাৰ শিক্ষামন্ত্ৰী তথা সদনৰ নেতা দিনেশ গুণৱাৰ্দায়ে উল্লেখ কৰা অনুসৰি ৰাষ্ট্ৰপতিৰ ভতিজা তথা ক্ৰীড়া মন্ত্ৰী ৰাজপাক্ষেকে ধৰি চৰকাৰৰ কেবিনেট মন্ত্ৰীসকলে পদত্যাগ কৰিছে। তেওঁলোকে প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাকচাক তেওঁলোকৰ পদত্যাগ পত্ৰ প্ৰদান কৰিছে।
ক্লিক কৰি পঢ়কঃ .৮০+.৮০+ .৮০+ .৮০+.৫০+.৩০+.৮০+.৮০+.৮০+৮০+ .৮০+.৪২= ১২ দিনত বাঢ়িল ৮.৪২ টকা
শ্ৰীলংকাত উদ্ভৱ হোৱা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কাৰ্ফিউ জাৰি কৰা হৈছে যদিও বিৰোধী দলৰ লগতে সাধাৰণ জনতাই প্ৰতিবাদ অব্যাহত ৰাখিছে। শনিবাৰে চৰকাৰে জাৰি কৰা কাৰ্ফিউ উফৰাই সাজিথ প্ৰেমাদাছাৰ নেতৃত্বত বিৰোধীসকলে কলম্বোৰ প্ৰতিষ্ঠিত স্বাধীনতা স্কোৱেৰৰ অভিমুখে এক পদযাত্ৰা আৰম্ভ কৰিছিল। ইয়াৰ পিছতে তেওঁলোকৰ লগতে এই প্ৰতিবাদী সমদলত যোগদান কৰাৰ বাবে ৬০০ ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰিছে।
উল্লেখ্য যে, শ্ৰীলংকাত অৰ্থনৈতিক জৰুৰী অৱস্থাৰ ঘোষণা কৰা হৈছে। ইয়াৰ লগতে দেশখনত সামাজিক মাধ্যম, টুইটাৰ, ফেচবুক, ইনষ্টাগ্ৰামস হোৱাটছএপ আদিত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। অৱশ্যে শেহতীয়াকৈ এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছে। নিষেধাজ্ঞা আৰোপ কৰাৰ ১৫ ঘণ্টাৰ পিছতে এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হয়।