এসপ্তাহত দ্বিতীয়টো ভূমিকম্পই কঁপালে ইণ্ডোনেছিয়া

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ ইণ্ডোনেছিয়াত এটা সপ্তাহতে দুটাকৈ ভূমিকম্পই জোকাৰি যায়। ভূমিকম্প আৰু আগ্নেয়গিৰি বিস্ফোৰণৰ বাবে ৰিংগ অৱ ফায়াৰ ৰূপে পৰিচিত ইণ্ডোনেছিয়াত অনুভূত হোৱা ভূমিকম্পত বৰ্তমানলৈকে ৮২জন লোক নিহত হৈছে।

ভাৰতীয় সময় অনুসৰি পুৱা ৫.১৬ বজাত অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ৭। আমেৰিকাৰ ভূ-বিজ্ঞানীসকলৰ মতে ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল লম্বেক দ্বীপৰ ভূ-গৰ্ভৰ পৰা ১৫ কিঃমিঃ তলত।

উল্লেখ্য যে, ২৯ জুলাইতো দেশখনত আন এটা ভূমিকম্পই জোকাৰি গৈছিল। ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৬.৪। এই ভূমিকম্পটোত ১৫জন লোকৰ মৃত্যু হৈছে।

দেওবাৰে জোকাৰি যোৱা ভূমিকম্পৰ পাছত ইতিমধ্যে উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ১০০জন আহত লোকক উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিলেও আৰু অধিক লোক সন্ধানহীন হৈ আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in