এইবাৰ অৰুণাচল সীমান্তত চীনৰ আগ্ৰাসন…

এইবাৰ অৰুণাচল সীমান্তত চীনৰ আগ্ৰাসন…

author-image
asomiyapratidin
New Update
এইবাৰ অৰুণাচল সীমান্তত চীনৰ আগ্ৰাসন…

ডিজিটেল ডেস্কঃ এইবাৰ অৰুণাচল প্ৰদেশত চীনে আগ্ৰাসী ৰূপ ধাৰণ কৰিছে। অৰুণাচল প্ৰদেশত বিগত সপ্তাহত টাৱাং চেক্টৰত চীনা সৈন্যৰ সৈতে ভাৰতীয় সৈন্যৰ সংঘৰ্ষ সংঘটিত হৈছিল।প্ৰকাশিত খবৰ মতে সীমান্তত টহলৰ সময়ত সীমান্ত বিবাদক লৈ দুয়োখন দেশৰ সৈন্য মুখামুখি হৈছিল আৰু সংঘৰ্ষৰ সূত্ৰপাত হৈছিল।

Advertisment

অৱশ্যে ইয়াৰ পাছতে প্ৰ'টকল অনুসৰি এই বিবাদ মীমাংসা কৰা হৈছিল। এই সংঘৰ্ষত দুয়ো দেশৰ সৈনিকৰ ক্ষয়-ক্ষতিৰ কথা প্ৰকাশ পোৱা নাই। প্ৰকাশিত খবৰ মতে অৰুণাচল প্ৰদেশৰ সীমান্তৰ প্ৰকৃত নিয়্ন্ত্ৰণ ৰেখাৰ কাষত প্ৰায় ২০০ সেনা জোৱানে আহি অৱস্থান গ্ৰহণ কৰিছিল।

চীনা সেনা এইদৰে ভাৰতৰ সীমাৰ কাষলৈ অহাত ভাৰতীয় সেনাই চীনা সেনাক ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে। মন কৰিবলগীয়া যে চীনে সঘনে ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰি ভাৰতৰ অখণ্ডতাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।