/asomiyapratidin/media/media_files/2025/05/09/flGhzOUH6ySeCW03d621.jpg)
ttss Photograph: (ttss)
ডিজিটেল ডেস্কঃ যুদ্ধকালীন পৰিস্থিতিৰ মাজতে পাকিস্তানত তেলৰ পৰা আদি কৰি খাদ্য সামগ্ৰীৰ লৈকে ব্যাপক সংকটে দেখা দিছে। এনে সময়তে একাংশ দুষ্ট চক্ৰই প্ৰচাৰ চলাইছে যে, ভাৰততো ভিতৰি ভিতৰি এনে সংকটে দেখা দিছে। বিশেষকৈ ভাৰতত অনাগত দুটা দিনত তেল তথা ইন্ধনৰ তীব্ৰ সংকট হব বুলি প্ৰচাৰ চলাইছে একাংশই।
এনে সময়তে ইণ্ডিয়ান অইলৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে, ভাৰতত তেল আৰু ইন্ধনৰ কোনো অভাৱ হোৱাৰ প্ৰশ্নই নাই। ভাৰতত এতিয়া পৰ্যাপ্ত পৰিমাণৰ তেল মজুত আছে। আৰু তেল ভাৰতলৈ সৰবৰাহৰ ক্ষেত্ৰতো কোনো অসুবিধা হোৱা নাই। গতিকে তেলৰ সংকট হব বুলি কোনো শংকিত হৈ থকাৰ প্ৰয়োজন নাই।
এক্স হেণ্ডেলত ইণ্ডিয়ান অইলে লিখিছে এনেদৰে- "Indian Oil has ample fuel stocks across the country and our supply lines are operating smoothly. There is no need for panic buying -fuel and LPG are readily available at all our outlets."